/asomiyapratidin/media/media_files/2025/07/30/tu-30-2025-07-30-21-52-43.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ উন্নত শৈক্ষিক পৰিবেশৰ মাজত ন ন গৱেষণা আৰু চিন্তা-পৰিকল্পনাৰে বৈজ্ঞানিক সমল আৰু ৰৱটিক সা-সজুলি উদ্ভাৱনৰ যোগেদি সমগ্ৰ বিশ্বত জিলিকি উঠা তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীয়ে অসমলৈ একাধিকবাৰ অনন্য গৌৰৱ কঢ়িয়াই আনিছে। এনে সময়তে তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আৰু সহযোগী পাঁচগৰাকী গৱেষকে অতি সহজে ব্যৱহাৰযোগ্য যক্ষ্মাৰোগ চিনাক্তকৰণৰ এটি বিৰল যন্ত্ৰ উদ্ভাৱন কৰি আন এক কৃতিত্বৰ অধিকাৰী হৈ পৰিছে।
উল্লেখ্য যে আধুনিক বিজ্ঞান, প্ৰযুক্তিবিদ্যাৰ বলত বিশ্বৰ বিভিন্ন দেশৰ বৰেণ্য চিকিৎসা বিজ্ঞানীসকলে ন ন আহিলা আৰু যন্ত্ৰপাতি আৱিষ্কাৰ কৰি সৰ্বসাধাৰণ লোকৰ জীৱনধাৰনক তেনেই সৰল কৰি তুলিছে। ইয়াৰ সমান্তৰালকৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলো চিকিৎসা ক্ষেত্ৰত প্ৰয়োজন হোৱা সঁজুলি আৱিস্কাৰত মুঠেই পিছপৰি থকা নাই।
এইক্ষেত্ৰত বিশ্ববিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক পবিত্ৰ নাথ আৰু সহযোগী পাঁচগৰাকী গৱেষকে এটি সহজে ব্যৱহাৰযোগ্য যক্ষ্মা ৰোগৰ চিনাক্তকৰণ যন্ত্ৰ উদ্ভাৱন কৰিছে৷ এই যন্ত্ৰটো বিশেষকৈ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলৰ স্বাস্থ্য পৰিসেৱাৰ প্ৰতিলক্ষ্য ৰাখি উদ্ভাৱন কৰা হৈছে, য’ত চিকিৎসা সেৱা সহজলভ্য নহয়৷
এই সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক পবিত্ৰ নাথে আজি জনোৱা মতে এই নতুন যন্ত্ৰটোৰ বিশেষত্ব হ’ল যে ই কোনো ৰাসায়নিক পদাৰ্থ অথবা ৰঙৰ প্ৰয়োজন নোহোৱাকৈ যক্ষ্মাৰোগৰ বীজাণুৰ স্বাভাৱিক দীপ্তি (অটো-ফ্লুৰ’ৰেছেন্স)ৰ জৰিয়তে ৰোগ চিনাক্ত কৰে। ইয়াৰোপৰি যন্ত্ৰটোত এটা হিটিং চিষ্টেম সংযোজিত কৰা হৈছে যিয়ে ৰোগ চিনাক্তকৰণৰ ক্ষেত্ৰত শুদ্ধতা বঢ়ায়৷
লগতে এই যন্ত্ৰটোৰ বিশেষত্ব হ’ল ইয়াক এটা সাধাৰণ স্মাৰ্ট ফোনৰ সহায়ত চলাব পৰা যাব আৰু যন্ত্ৰটোৰ মূল্য ২৫,০০০ টকাৰ ভিতৰত উপলব্ধ হোৱাৰ উপৰি ওজন ৩০০ গ্ৰামতকৈ কম হ’ব। যাৰ কাৰণে যন্ত্ৰটো অতি সহজে বহনযোগ্য হ’ব বুলি আশাকৰা হৈছে৷
আনহাতে এইবোৰ গুণগত বৈশিষ্ট্যৰ বাবে সীমিত চিকিৎসা পৰিসেৱা থকা অঞ্চলসমূহত এই যন্ত্ৰটো অতি উপযোগী হ’ব বুলি আশা কৰা হৈছে৷ উল্লেখ্য যে ভাৰতত বৰ্তমান সময়ত যক্ষ্মাৰোগ এটা অতি গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যা হিচাপে দেখা গৈছে৷
এই ৰোগক প্ৰতিহত কৰাৰ বাবে সঠিক আৰু আগতীয়া চিনাক্তকৰণ হোৱাটো অত্যন্ত প্ৰয়োজন হৈ পৰিছে। বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰতৰ ৰাষ্ট্ৰীয় টিবি উচ্ছেদ প্ৰগ্ৰেমে এল ই ডি- ফ্লুৰ’ৰেছেন্সমাইক্ৰ’স্ক’পিক যক্ষ্মা ৰোগৰ পৰীক্ষাৰ বাবে বৰ্তমান গোল্ড ষ্টেণ্ডাৰ্ড’ হিচাপে বিবেচনা কৰিছে৷
তদুপৰি এই পদ্ধতিটোৰ বাবে দামী যন্ত্ৰপাতি আৰু প্ৰশিক্ষিত প্ৰযুক্তিবিদৰ প্ৰয়োজ নহয় আৰু যিবোৰ বহু সময়ত গ্ৰাম্য অঞ্চলসমূহত উপলব্ধ নহয়৷ এইক্ষেত্ৰত বিশ্ববিদ্যালয়খনে উদ্ভাৱন কৰা যন্ত্ৰটোৱে এই সমস্যা দূৰ কৰি যক্ষ্মা ৰোগৰ পৰীক্ষাক অধিক সহজ আৰু গ্ৰহণযোগ্য কৰিব বুলি আশা কৰা হৈছে৷
আনহাতে এল ই ডি আৰু এফ এম পদ্ধতিত প্ৰচলিত মাইক্ৰ’স্ক’পিতকৈ অধিক সংবেদনশীলতা থাকিলেও ইয়াৰ বহুতো অসুবিধাও আছে৷ অধ্যাপক পবিত্ৰ নাথে লগতে কয় যে আমাৰ গৱেষক দলটোৱে যি যন্ত্ৰটো উদ্ভাৱন কৰিছে সেয়া যক্ষ্মাৰোগৰ বেক্টেৰিয়া (Mycobacterium tuberculosis)ৰ স্বাভাৱিক দীপ্তি (autofluorescence) বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি কাম কৰে৷
এই বেক্টেৰিয়া বিশেষ এক তৰঙ্গ দৈৰ্ঘ্যৰ পোহৰত উদ্দীপ্ত হ’লেই স্বাভাৱিকভাৱে দীপ্তি প্ৰসাৰণ কৰে৷ যন্ত্ৰটোত সংযোজিত হিটিং এলিমেন্ট নমুনাটোৰ তাপমাত্ৰা বৃদ্ধি কৰি এই দীপ্তিক অধিক স্পষ্ট কৰে যাৰফলত কোনো ৰং বা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ যক্ষ্মা ৰোগৰ বীজাণু চিনাক্ত কৰা সম্ভৱ হয়৷
উল্লেখ্য যে এই গৱেষণা দলত অধ্যাপক নাথৰ উপৰি পদাৰ্থ বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰ বিপ্ৰৱ চেত্ৰী, চুনুৰঞ্জন দত্ত, আণৱিক জীৱ বিদ্যা আৰু জীৱ প্ৰযুক্তি বিভাগৰ অধ্যাপক ড০ জে.পি.শইকীয়া আৰু গৱেষক ছাত্ৰ শান্তনু গোস্বামী আৰু লেবডিগইনন’ভেচনচ এণ্ডছিষ্টেমছ্ প্ৰাইভেট লিমিটেডৰ অভিজিৎ গগৈ আছিল৷
এই নতুন যন্ত্ৰটোৰ পেটেণ্টৰ বাবে আবেদন দাখিল কৰা হৈছে আৰু গৱেষণা পত্ৰ Biosensors and Bioelectronics নামৰ আন্তৰ্জাতিক জাৰ্নেলত প্ৰকাশিত হৈছে৷ এইক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিঙে এই সফলতাৰ বাবে গৱেষণা দলটোক অভিনন্দন জনাই কয় যে, এই উদ্ভাৱনটোৱে বিশেষকৈ গ্ৰাম্য অঞ্চলত যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজা তস্বাস্থ্য কৰ্মীসকলক যথেষ্ঠ সুবিধা প্ৰদান কৰিব।