পৰ্বতঝোৰাত এবিএমছুৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী

পৰ্বতঝোৰাত এবিএমছুৰ উদ্যোগত বিদেশীৰ সন্দেহত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত চলা হাৰাশাস্তিৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পৰ্বতঝোৰাৰ দেৱীতলা বজাৰত

author-image
Asomiya Pratidin
New Update
পৰ্বতঝোৰাত এবিএমছুৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী

ডিজিটেল সংবাদ, পৰ্বতঝোৰা : পৰ্বতঝোৰাত এবিএমছুৰ উদ্যোগত বিদেশীৰ সন্দেহত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত চলা হাৰাশাস্তিৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পৰ্বতঝোৰাৰ দেৱীতলা বজাৰত বিক্ষোভ প্ৰদৰ্শন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।

উল্লেখযোগ্য যে, ৰাজ্যত কেইবাদিনো ধৰি বিদেশী বিতৰণ কৰাৰ বাবে অসম আৰক্ষীয়ে বিভিন্ন জিলাত অভিযান অব্যাহত ৰখাৰ সময়তে বিটিআৰৰ প্ৰতিখন জিলা আৰু মহকুমাত এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে জিলা সমিতিসমূহে প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সন্দেহত হাৰাশাস্তি কৰাৰ অভিযোগ তুলি এক বিক্ষোভ প্ৰদৰ্শন কাৰ্য্যসূচী ৰূপায়ন কৰে। বিদেশী সন্দেহত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰক, অসম চৰকাৰ হায় হায়,ডি ভোটাৰ নামত হাৰাশাস্তি বন্ধ কৰক, বিজেপি গো বেক,বৰ্ডাৰ পুলিচ হায় হায় আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে এবিএমছুয়ে।

পৰ্বতঝোৰা