Advertisment

চৰাইৰ খুন্দাত দুৰ্ঘটনাতপতিত এখন বিমান : ডেৰ শতাধিক যাত্ৰী নিহত...

জেজু এয়াৰ বিমানখনত অকস্মাতে এটি চৰাই আহি খুন্দা মাৰে। তাৰ কিছু সময় পাছতে লেণ্ডিং গিয়াৰৰ বিজুতি ঘটি বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়...

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
বিমান দুৰ্ঘটনা

বিমান দুৰ্ঘটনা

ডিজিটেল ডেস্ক : দক্ষিণ কোৰিয়াত সংঘটিত বিমান দুৰ্ঘটনাৰ এক দৃশ্যই এতিয়া বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিভিন্ন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই দৃশ্য। 

Advertisment

সাধাৰণতে এইধৰণৰ দৃশ্য ধৰি ৰখাটো অতি দুৰ্লভ। এইধৰণৰ দৃশ্য কেমেৰা অথবা ভিডিঅ’ত আৱদ্ধ কৰাটো সহজ নহয় যদিও ৰাডাৰৰ সহায়ত এই বিৰল দৃশ্যটি বন্দী কৰা হৈছে। 

শূণ্যত উৰি থকা জেজু এয়াৰ বিমানখনত অকস্মাতে এটি চৰাই আহি খুন্দা মাৰে। তাৰ কিছু সময় পাছতে লেণ্ডিং গিয়াৰৰ বিজুতি ঘটি বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়। ফলত ১৭৯গৰাকী যাত্ৰী নিহত হয় ।  

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে দক্ষিণ কোৰিয়াত সংঘটিত এই দুৰ্ঘটনাত সৌভাগ্যক্ৰমে দুজন যাত্ৰীৰ প্ৰাণ কথমপি ৰক্ষা পৰে। অৱশ্যে দুয়োজনৰে স্বাস্থ্যৰ অৱস্থা সংকটজনক। দুয়োগৰাকী যাত্ৰীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইফালে জুই আৰু ধোঁৱাই আৱৰি ধৰা সমগ্ৰ অঞ্চলটোত অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে অভিযান অৱ্যাহত ৰাখিছে।

south korea