/asomiyapratidin/media/media_files/2025/12/21/haysingimari-2025-12-21-10-16-17.jpg)
ডিজিটেল সংবাদ, মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰস্থিত খাৰুৱাবান্ধা আৰক্ষীয়ে শনিবাৰে নিশা ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী সদৰ বজাৰত ড্ৰাগছবিৰোধী অভিযান চলায়। এই অভিযানত ১৩১৫ টা নিচাজাতীয় টেবলেটসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে।
উল্লখেযোগ্য যে, আৰক্ষীয়ে এক গোপন সুত্ৰৰ ভিত্তিত সদৰ বজাৰত ড্ৰাগছবিৰোধী অভিযান চলায়। এই অভিযানত বজাৰখনত ড্ৰাগছ সৰবৰাহ কৰিবলৈ অহা শ্বাজিব আহমেদক আৰক্ষীয়ে আটক কৰি তেওঁৰ পৰা আৰ-চেভেন (R7) নামৰ ১৩১৫ টা নিচাজাতীয় টেবলেট উদ্ধাৰ কৰি জব্দ কৰে।
দক্ষিণ শালমাৰা থানা এলেকাৰ অধীনস্থ বৰাইকান্দি গাঁৱৰ শ্বালু সেখৰ পুত্ৰ শ্বাজিব আহমেদ (২০) ক আৰক্ষীয়ে আটক কৰি জেৰাৰ পাচত গ্ৰেপ্তাৰ কৰিছে। আজি দুপৰীয়াৰ ভাগত ড্ৰাগছ সৰবৰাহকাৰী শ্বাজিবক হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰোৱা হ’ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us