ডিজিটেল সংবাদ, চিৰাংঃ শিশু কন্যাৰ যৌন নিৰ্যাতনকাৰী আচামীৰ বিৰুদ্ধে চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতে ৰায়দান দিয়ে৷ চিদলী থানাৰ গৰুভাষা আৰক্ষী চকীৰ অন্তৰ্গত এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত বুদ্ধেশ্বৰ বসুমতাৰী নামৰ আচামীক শুকুৰবাৰে কাজলগাঁৱৰ জিলা সত্ৰ ন্যায়াধীশ আদালতল অতিৰিক্ত সত্ৰ ন্যায়াধীশ ৰূপক ৰজকৰ আদালতে ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ১০ হেজাৰ টকাৰ জৰিমনা বিহে৷
আজিৰ ৰায়দানত ১০ হেজাৰ টকা জৰিমনা অনাদায়ে আচামী গৰাকী অতিৰিক্ত ৩ মাহ কাৰাবাস খাটিব লাগিব বুলি উল্লেখ কৰে৷ উল্লেখ্য যে চলিত বৰ্ষৰ ১২ মাৰ্চত চিদলী থানাৰ অন্তৰ্গত গৰুভাষাৰ এগৰাকী নাবালিকাক কাশিকোত্ৰাৰ বুদ্ধেশ্বৰ বসুমতাৰীয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি ভুক্তভোগী নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল৷
উক্ত এজাহাৰৰ ভিত্তিত চিদলী আৰক্ষী থানাৰ আৰক্ষীয়ে ১২/২০২৪ ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাৰ প’কছ আইনৰ অধীনত পঞ্জীয়ন কৰি তদন্ত কৰি আদালতত অভিযোগনামা দাখিল কৰিছিল৷ দহ মাহৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি আদালতে এই ৰায়দান কৰে বুলি চৰকাৰী অধিবক্তা নন্দিতা বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে৷