/asomiyapratidin/media/media_files/2025/07/02/281-2025-07-02-18-38-04.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীত ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফ্লাইটিজ ৰোগে। মেলেৰিয়া আৰু ডেংগু বেমাৰতো কেইবাজনো লোক আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।
ইতিমধ্যে জিলাখনত জাপানীজ এনকেফ্লাইটিজ ৰোগত এজন লোকৰ মৃত্যু হৈছে। উল্লেখ্য যে বিগত জুন মাহৰ ১ ৰ পৰা ৩০ তাৰিখলৈ মেলেৰিয়া ৰোগ( জ্বৰ)ৰ বিৰুদ্ধে হোৱা সজাগতা তথা ৰোগ চিনাক্তকৰণ মাহত মুঠ ১৪ জন লোকৰ দেহত মেলেৰিয়া ৰোগৰ পৰজীৱী ধৰা পৰিছে। যাৰ ভিতৰত ১০ জন প্লাজমডিয়াম ভাইব্ৰেক্স আৰু ৪ জনৰ প্লাজমডিয়াম ফেলচিফেৰাম।
আটাইকেইজন বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। ইফালে মেলেৰিয়াত আক্ৰন্ত হোৱা ৰোগীৰ ১৪ জনৰ ভিতৰত চাপৰ চিকিৎসালয় খণ্ডৰ ৪ জন, ধৰ্মশালা খণ্ডৰ ২ জন, ৰাণীগঞ্জৰ ৬ জন আৰু দক্ষিণ শালমাৰা ( ধুবুৰী) খণ্ডৰ ২ জন আছে।
উক্ত ১৪ জন ৰোগীৰ ভ্ৰমণকাৰী ক্ৰমে মুম্বাইৰ পৰা অহা ৪ জন, দক্ষিণ আফ্ৰিকা পৰা ১ জন, ছত্তীশগড়ৰ পৰা ১ জন, ঝাৰখণ্ডৰ পৰা ১ জন, গুৱাহাটীৰ পৰা ২ জন আৰু কাষৰীয়া জিলা কোকৰাঝাৰৰ পৰা অহা এজন ভ্ৰমণকাৰী আছিল। ইফালে, জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত ৪ জনৰ ৰাণীগঞ্জৰ এজন আৰু দক্ষিণ শালমাৰা (ধুবুৰী খণ্ড)ৰ পোৰাভিটাৰ এজন আৰু তাৰাংগীঝাৰৰ এজন আক্ৰান্ত হয় যদিও দূৰ্ভাগ্যজনকভাৱে পোৰাভিটাৰ ৫৫ বছৰীয়া এজনৰ মৃত্যু হয়।
একেদৰেই ডেংগু জ্বৰত ধৰ্মশালাৰ ২ জন আৰু হালাকুৰাত এজন আক্ৰান্ত হৈছিল যদিও এতিয়া বিপদমুক্ত। উল্লেখ্য যে, বিগত জুন মাহত ধুবুৰী জিলা মেলেৰিয়া আৰু ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ বিভাগে মেলেৰিয়া ৰোগ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন সজাগতামূলক সভা, প্ৰচাৰ কাৰ্য, আঠূৱা ঔষধিকৰণ, জিলা ভিত্তিত প্ৰচাৰ সভা আৰু ৫ খনকৈ মেলেৰিয়া প্ৰতিৰোধী স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় বুলি জিলা বাহকজনিত ৰোগ নিয়ন্ত্ৰন বিষয়া ড° নাজিয়া খাতুনে জানিবলৈ দিয়ে। উল্লেখ্য যে,জুন মাহত ধুবুৰী জিলা স্বাস্থ্য সমিতিৰ অধীনত ৮৯২৯২ জন লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষণ কৰা হয়।