/asomiyapratidin/media/media_files/2025/10/19/breaking-news-2025-10-19-21-56-11.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ বেবেজীয়াত সোমবাৰে ৰে'লগাড়ীৰ চেপাত এজন লোকৰ মৃত্যু হয় । বিয়লি হয়বৰগাঁও অভিমুখী পেচেঞ্জাৰ ৰে'লৰ চেপাত নিহত লোকজন হৈছে পমুৱৈ-দেউৰীগাঁৱৰ ৰঞ্জিত দাস ।
পঞ্চাশ উৰ্দ্ধৰ লোকজনে ৰে'লখনৰ আগত পৰি আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । ই-ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা লোকজনৰ ছিন্ন-ভিন্ন মৃতদেহ ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us