/asomiyapratidin/media/media_files/2024/12/16/Q1nDDOtFOR1YGC2DveB8.jpg)
ডিজিটেল ডেস্কঃ লাহোৱালত সোমবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। টেঙাখাটৰ তামুলীখাটৰ এখন বিয়াৰ পৰা কন্যা থৈ উভতি আহোতে সংঘটিত হয় এই দুৰ্ঘটনাটো ।
সোমবাৰে পুৱা প্ৰায় ৪ বজাত কইনা থৈ ঘূৰি আহোতে দূৰ্ভাগ্যবশত ভীৰ্জা মাৰুতী বাহনখন চেচা দলঙৰ পৰা নদীত পৰে । গাড়ীখনত ৫ জন ব্যক্তি আছিল যদিও চাৰিজনে গাড়ীৰ গ্লাচ ভাঙি কোনোমতে পানীৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল । কিন্তু গাড়ীৰ ভিতৰৰ পৰা ওলাবলৈ সক্ষম নহ'ল এজন ব্যক্তি ।
পৰৱৰ্তী সময়ত স্থানীয় ব্যক্তি দুৰ্ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখনৰ পৰা লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে। মৃত লোকজন কইনাৰ সম্বন্ধীয় ভায়েক আছিল । অন্যহাতেদি চাৰিজনক সংকটজনক অৱস্থাত ৰাইজৰ তৎপৰতাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।
গাড়ী খনত আৱদ্ধ হৈ মৃত্য হোৱা যুৱকজন ঈশান গগৈ বুলি জানিব পৰা গৈছে । লাহোৱাল আৰক্ষী আৰু ঘোৰামৰা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে উক্ত ঘটনাৰ ।