Advertisment

সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী...

সৰভোগত সংঘটিত এক পথ দুৰ্ঘটনাই প্ৰাণ ল’লে এজনৰ । তীব্রবেগী স্কুটীয়ে বাইক আৰোহীক পিছফালৰ পৰা খুন্দা মৰাত সংঘটিত হয় উক্ত দুৰ্ঘটনাটি ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,সৰভোগঃ  সৰভোগত সংঘটিত এক পথ দুৰ্ঘটনাই প্ৰাণ ল’লে এজনৰ । তীব্রবেগী স্কুটীয়ে বাইক আৰোহীক পিছফালৰ পৰা খুন্দা মৰাত সংঘটিত হয় উক্ত দুৰ্ঘটনাটি । বৰপেটাৰোড অভিমুখে গৈ থকা সময়তে পিছফালৰ পৰা তীব্ৰবেগী স্কুটীয়ে মহতিয়াই নিয়ে আব্দুল খালেক আৰু গুলজাৰ ফকিৰক ।

Advertisment

উল্লেখযোগ্য যে উক্ত দুৰ্ঘটনাটোত থিতাতে নিহত হয় বাইক আৰোহী আব্দুল খালেক । লগতে আহত হয় গুলজাৰ ফকিৰ নামৰ আন এজন লোক । দুৰ্ঘটনাগ্ৰস্থ পালছাৰ বাইকখনৰ নম্বৰ As 15W 5203 আৰু স্কুটী খনৰ নম্বৰ হৈছে AS 15U 3652 ।

সৰভোগ বৰনগৰ কলেজৰ সমীপত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে প্ৰায় ৩:০০ বজাত সংঘটিত হয় উক্ত দুৰ্ঘটনাটো । দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা বাইক আৰোহীজন সৰভোগৰ পুঠিমাৰী পামপাৰা গাঁৱৰ আব্দুল খালেক আৰু গুৰুতৰভাৱে আহত হোৱা গুলজাৰ ফকিৰ সাহপুৰ গাঁৱৰ বাসিন্দা ।

দুৰ্ঘটনাটোত আহত গুলজাৰ ফকিৰক ততাতৈয়াকে সৰভোগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত বৰপেটা ফকৰ উদ্দিন আলী আহমেদ হস্পিটাললৈ প্ৰেৰণ কৰে ফকিৰক ।

উল্লেখযোগ্য যে স্কুটী আৰোহী তপন দাসো গুৰুতৰভাৱে আহত হয় উক্ত দুৰ্ঘটনাত । দাসকো সংকটজনক অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । ইপিনে তপন দাসে মাদক দ্ৰব্য সেৱন কৰি স্কুটী চলোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰত্যক্ষদৰ্শীয়ে । 

পথ দুৰ্ঘটনা