Advertisment

ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন

ভোগালী বিহুৰ উলহ মালহৰ মাজতে ৰঙাপৰাত মঙলবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ফলত এজন লোক থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰভাবে আহত হয় ৷ 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  ভোগালী বিহুৰ উলহ মালহৰ মাজতে ৰঙাপৰাত মঙলবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ফলত এজন লোক থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰভাবে আহত হয় ৷ 

Advertisment

ৰঙাপৰাৰ হাতীবাৰী চাহ বাগিচাৰ সন্মুখত সংঘটিত হয় পথ দুৰ্ঘটনাটি ৷ দুৰ্ঘটনাটোত নিহত লোক জনৰ নাম ৰাম দয়াল মাহতো ৷ 

আনহাতে উক্ত দুৰ্ঘটনাটোত আহত হোৱা লোকজনৰ নাম গবিন পাইক ৷ দুয়োজনৰ ঘৰ ফুলবাৰী চাহ বাগিচাত ৷ অচিনাক্ত বাহনে খন্দিয়াই যোৱাৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটি ৷ গুৰুতৰভাৱে  আহত গবিন পাইকক অতিমধ্যে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে  

দুৰ্ঘটনা নিহত