/asomiyapratidin/media/media_files/2025/02/09/u9zs0VyxzRyutADlxm5w.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঢকুৱাখনাত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুটা দিনৰ পূৰ্বে এগৰাকী নিৰীহ পথচাৰী ডাম্পাৰৰ চেপাত নিহত হোৱাৰ পাছত দেওবাৰে পুনৰ এজন যুৱকৰ অকাল মৃত্যু ঘটে ।
উল্লেখযোগ্য যে দুখন দুচকীয়া বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ পৰিণতিত চন্দন গোহাঁই নামৰ সাপতীয়া গোহাঁই চুকৰ যুৱকজনৰ অকাল মৃত্যু ঘটে ।
ঘটনাৰ বিবৰণী মতে ঢকুৱাখনা-ঘিলামৰা সংযোগী ৰাজ্যিক পথৰ নায়াৰা পেট্ৰল পাম্পৰ সমীপত এখন স্কুটি আৰু বুলেটৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এজন ব্যক্তি মৃত্যু হোৱাৰ লগতে তিনিজন আৰোহী গুৰুতৰভাৱে আহত হয় ।
আহত সকলক লগে লগে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা সেৱা প্ৰদান কৰা হয় যদিও গুৰুতৰভাৱে আহত হোৱাত চিকিৎসকে তিনিও গৰাকী আৰোহীকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ।
উক্ত দু্ৰ্ঘটনাত আহত হোৱা তিনিগৰাকী ক্ৰমে ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱৰ মানস চেতিয়া, কাঠৰবাৰী গাঁৱৰ লক্ষী বৰুৱা আৰু বেবেজীয়া আলিমূৰ গাঁৱৰ চন্দন পগাগ ।
ঢকুৱাখনা আৰক্ষীযে দুৰ্ঘটনা সংঘটিত কৰা AS-07 W-5294 নম্বৰৰ স্কুটি আৰু AS-07 V-5776 নম্বৰৰ বুলেটখন জব্দ কৰি থানালৈ নিয়ে আৰু মৃতকৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ।