Advertisment

ঢকুৱাখনাত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এজন...

ঢকুৱাখনা ঘূণাসুঁতি লোকনিৰ্মাণ পথৰ চেতিয়া গাঁৱত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাইকৰ প্ৰচণ্ড খুন্দাত অকালতে ঘটনাস্থলীত প্ৰাণ যায় এগৰাকী চাইকেল চালকৰ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা ঘূণাসুঁতি লোকনিৰ্মাণ পথৰ চেতিয়া গাঁৱত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাইকৰ প্ৰচণ্ড খুন্দাত অকালতে ঘটনাস্থলীত প্ৰাণ যায় এগৰাকী চাইকেল চালকৰ।

Advertisment

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে ভীমপৰা ডুবিৰ তলত বনভোজ খাই এখন বাইক লৈ তীব্ৰ বেগত আহি আছিল গাঁৱৰে এজন সতীৰ্থ সহ ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত ২নং বানতৌ গাঁৱৰ মিন্টু দাস(৩৫) । তীব্ৰ বেগত ঢকুৱাখনা অভিমুখে আহি থকা বাইকখন প্ৰত্যক্ষ কৰি সুঁতিমুখ গাঁৱৰ চহা ৰামকান্ত দাসে( ৫৫) পথতো পাৰ হওতেই প্ৰচণ্ড খুন্দা মাৰে চাইকেল চালকক ।

দুৰ্ঘটনাত বাইক চালক আৰু আৰোহী দুয়ো পথৰ ওপৰত বাগৰি পৰে। মংগলবাৰে সন্ধিয়া প্ৰায় ৫ বজাত সংঘটিত এই ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে ১০৮ জৰুৰী সেৱাৰ জৰিয়তে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ ৰামকান্ত দাস আৰু মিন্টু দাসক প্ৰেৰণ কৰে । কিন্তু চিকিৎসালয়ত ৰামকান্ত দাসৰ মৃত্যু ঘটে ।

অন্যহাতে গুৰুতৰ ভাবে আহত মিন্টু দাসক জৰুৰী চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । উদণ্ড বাইক চালকৰ অসাৱধানতাৰ বাবেই এনে মৰ্মান্তিক ঘটনা সংঘটিত হোৱা বুলি একাংশই উল্লেখ কৰে। লগতে  চাইকেল আৰোহী গৰাকীৰ অসচেতনতাকো একাংশই জগৰীয়া কৰিছে । দৰিদ্ৰ খাটি খোৱা ব্যক্তি গৰাকীৰ মৰ্মান্তিক বিয়োগৰ খবৰ পাই চিকিৎসালয়ত কান্দোনৰ ৰোল উঠে ।

ঢকুৱাখনা সদৰ থানাৰ আৰক্ষী বিষয়া প্ৰিয়ব্রত গগৈ ঘটনা স্থলীত উপস্থিত হয় আৰু মৃতকৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে ।

ঢকুৱাখনা বাইক দুৰ্ঘটনা