ডিজিটেল সংবাদ, কাৰ্বি আংলংঃ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে হস্তী-মানুহৰ সংঘাত
।পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে কাৰ্বি আংলং জিলাৰ এজন লোকে । বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় ২ নং জেংখা গাঁৱৰ সত্যনাৰায়ণ চৌহান নামৰ এজন ব্যক্তি ।
কুঁহিয়াৰ বাগানত কাম কৰিবলৈ যোৱা সময়ত হাতীৰ আক্ৰমণত মৃত্যু হয় লোকজনৰ। বৰ্তমান খেৰনি আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে খেৰণী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।
উল্লেখযোগ্য যে খেৰনিৰ বিভিন্ন অঞ্চলত বিগত কিছুদিনৰ পৰা তাণ্ডৱ চলাই থকা বনৰীয়া হাতীৰ জাকটোক বন বিভাগে খেদি পঠিয়াব নোৱাৰাৰ পৰিণতিত ব্যাপক হাৰত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত।