/asomiyapratidin/media/media_files/2025/01/19/Sq314uV2MwgnpwaRIW94.jpg)
ডিজিটেল সংবাদ,ওদালগুৰিঃ ওদালগুৰি বন বিভাগে গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত এটা বনৰৌসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ওদালগুৰি ধনশ্ৰী বন সংমণ্ডলৰ এটা দলে আৰক্ষীৰ সহযোগত দৈফাং চ'কত শনিবাৰে অভিযান চলাই বনৰৌটো জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰে ।
উল্লেখযোগ্যে যে আটকাধীন সৰবৰাহকাৰীটোৰ নাম দিনেশ বসুমতাৰী । ঘটনাস্থলীত আৰক্ষীক দেখি আন চাৰিগৰাকী সৰবৰাহকাৰীয়ে পলায়ন কৰিবলৈ সক্ষম হয় যদিও বন বিভাগৰ দলটোৱে দুখন স্কুটী জব্দ কৰিবলৈ সক্ষম হয়।
জব্দকৃত বনৰৌটোৰ ওজন প্ৰায় ৮ কেজি। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি ধৃত সৰবৰাহকাৰীটোক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে বনৰৌটো বৰনদী অভয়াৰণ্যত এৰি দিয়াৰ ব্যৱস্থা কৰে বন বিভাগে ।