Advertisment

ঢকুৱাখনাত নিচাযুক্ত দ্ৰব্যসহ আটক সৰবৰাহকাৰী...

ঢকুৱাখনাত পুনৰ নিচাজাতীয় দ্ৰব্য সৰবৰাহকাৰীক নিষিদ্ধ সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ঢকুৱাখনা আৰক্ষী । এইবাৰ আৰক্ষীৰ জালত পৰিছে ২নং ডিমৰুগুৰি গাঁৱৰ ৰোহিনী পেগুৰ পুত্ৰ দ্বীপজ্যোতি পেগু । 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ৰাজ্যত অব্যাহত আছে নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া বেহা । ভিন্ন ঠাইত আৰক্ষীয়ে বিভিন্ন ধৰণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰাৰ ঘটনাই ইয়াৰ প্ৰমাণ দাঙি ধৰে । সমান্তৰালভাৱে নিচাযু্ক্ত দ্ৰব্যৰ বিৰুদ্ধে যুঁজ দিবলৈ সষ্টম আৰক্ষী-প্ৰশাসন ।

Advertisment

উল্লেখযোগ্য যে ঢকুৱাখনাত পুনৰ নিচাজাতীয় দ্ৰব্য সৰবৰাহকাৰীক নিষিদ্ধ সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ঢকুৱাখনা আৰক্ষী । এইবাৰ আৰক্ষীৰ জালত পৰিছে ২নং ডিমৰুগুৰি গাঁৱৰ ৰোহিনী পেগুৰ পুত্ৰ দ্বীপজ্যোতি পেগু । 

ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্রিয়ব্ৰত গগৈৰ নেতৃত্বত উপ পৰিদৰ্শক ৰাজীৱ কলিতাৰ সহযোগত এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাইছিল ৰোহিনী পেগুৰ ঘৰত। আৰক্ষীযে স্থানীয় ৰাইজৰ উপস্থিতিত বাসগৃহত চলোৱা  তালাচী আৰু অভিযানকালত ৬৪.৭৫ গ্ৰাম ওজনৰ সন্দেহজনক হেৰ’ইন উদ্ধাৰ কৰে দ্বীপজ্যোতি পেগুৰ কোঠাৰ পৰা। 

আৰক্ষীয়ে ১১টা চাধাৰ টেমাত ভৰাই ৰখা অৱস্থাত নিচাজাতীয় দ্ৰব্যখিনি উদ্ধাৰ কৰে । আৰক্ষীযে ড্ৰাগছৰ লগতে তিনিটা চিৰিঞ্জ আৰু কিছু সংখ্যক নথি পত্ৰৰ লগতে খালি কন্টেইনাৰ জব্দ কৰে । ইয়াৰ লগতে  সৰবৰাহকাৰীটোক আটক কৰি থানালৈ নিয়ে । ইতিমধ্যে এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত এক গোচৰ পঞ্জীয়ন কৰা হৈছে ।

নিচাযুক্ত সামগ্ৰী