/asomiyapratidin/media/media_files/2025/06/20/205-2025-06-20-08-14-07.jpg)
ডিজিটেল ডেস্ক : “পৰজনমৰ শুভ লগনত/ যদিহে আমাৰ হয় দেখা/ পুৰাবানে প্ৰিয়ে এই জনমৰ/ মোৰ হিয়াৰ অপূৰ্ণ আশা ?” আজি ২০ জুন, ৰাভা দিৱস। প্ৰতি বছৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো 'ৰাভা দিৱস' হিচাপে পালন কৰি অহা হৈছে।
বিগত বছৰসমূহৰ দৰে এইবেলিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত কলাগুৰুক শ্ৰদ্ধা জনাই পালন কৰা হ’ব ৰাভা দিৱস। বিভিন্ন দল- সংগঠন, সাংস্কৃতিক সংস্থাসমূহৰ উদ্যোগত গীতে- মাতে পালন কৰিব ৰাভা দিৱস।
প্ৰণিধানযোগ্য যে, ১৯৬৯ চনৰ ২০ জুনৰ দিনা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিয়োগ ঘটিছিল। এই গৰাকী মহান ব্যক্তিৰ অসমীয়া ভাষা- সাহিত্য, সাংস্কৃতি আদি ক্ষেত্ৰলৈ অৱদান অপৰিসীম।