/asomiyapratidin/media/media_files/2025/06/22/216-2025-06-22-18-44-21.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : অসম চৰকাৰৰ কৃষি বিভাগৰ এক ব্যয়বহুল গৃহ নিৰ্মাণ আঁচনি । আৰ আই ডি এফ XXVI ২০২২-২০২৩ বিত্তীয় বর্ষৰ অধীনত প্ৰায় ৭৫ লাখ ৩৪ হাজাৰ টকা ব্যয় সাপেক্ষ এই চৰকাৰী আঁচনি ৰূপায়ণৰ স্থান ঢকুৱাখনা ।
২০২৩ বর্ষৰ ২৫ মাৰ্চত ঢকুৱাখনা মহকুমা কৃষি বিষয়াৰ কাৰ্য্যালয় চৌহদৰ ভিতৰত "কৃষি জ্ঞান কেন্দ্ৰ" হিচাপে এইটো গৃহ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিছিল বিধায়ক নৱ দলেয়ে। বিভাগীয় ঘনিষ্ঠ ঠিকাদাৰৰ হাতত এই ব্যয়বহুল গৃহ নিৰ্মাণ আঁচনি সপিদি বিধায়ক দলেয়ে দম্ভালি মাৰিছিল এটা গুণগত আৰু সুবিধা বিশিষ্ট জ্ঞান কেন্দ্ৰ নিৰ্মাণৰ ।
পিছে গৃহটোৰ নিৰ্মাণশৈলী আৰু ব্যৱহৃত সামগ্ৰী দেখি সচেতন মহলৰ চকু কপালত উঠিছিল। নিম্নমানৰ নিৰ্মান সামগ্ৰীৰ ব্যৱহাৰেৰে অতি ক্ৰুটিপূৰ্ণ পদ্ধতিৰে অপৈণত মিস্ত্ৰীৰ জৰিয়তে নিৰ্মান কৰি উধাও হোৱা অৰ্থলোভী ঠিকাদাৰৰ চূড়ান্ত হেতালিৰ বাবে নিৰ্মাণৰ পাছতে চিৰাল ফাট মেলিছে পকীবেৰত ।
চাদৰ টিনপাত ফাটি আকাশ দেখা হৈছে । ঘৰৰ বীমৰ বেঁকা বেকি অৱস্থা , খিৰিকীৰে থকা বৃহৎ বৃহৎ ফাঁক আদি বিভিন্ন ক্ৰুটিপূৰ্ণ কামেৰে উধাও হোৱা লুভীয়া ঠিকাদাৰৰ বাবেই ঢকুৱাখনাবাসীৰ এটা ৰাজহুৱা সম্পদ আৰম্ভণিতে শেষৰ ক্ষণ গণিছে।
প্ৰাককলন বৰ্হিভূতভাৱে নিৰ্মাণেৰে বেপৰোৱা ঠিকাদাৰৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই চৰকাৰী পুঁজিৰ অপচয় হোৱা এই কৃষি জ্ঞান কেন্দ্ৰতোলৈ নামি আহিছে অনিশ্চিত ভৱিষ্যত। উথাপিত অভিযোগত প্ৰকাশ যে এই কামৰ ঠিকা আবন্টন লাভ কৰিছিল জয়ন্ত খাউণ্ড নামৰ এগৰাকী ব্যক্তিয়ে ।
বিধায়ক নৱ দলেৰ ঘনিষ্ঠ এইজন ঠিকাদাৰে কৰ্মথলীলৈ নহাকৈ বিভাগীয় অভিযন্তা উত্তম দলেৰ জৰিয়তে এনেদৰে ক্ৰুটিপূৰ্ণ কাম কৰি বিশাল পৰিমানৰ চৰকাৰী পুঁজি অপচয় কৰিলে । ঠিকাদাৰ, কাৰিকৰী বিষয়া মিলিত হৈ সংঘটিত কৰা ব্যাপক অনিয়মৰ পৰিণতিত কৃষি বিভাগক গৃহটো হস্তান্তৰ কৰাৰ পূৰ্বেই ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে । অথচ বিধায়কৰ বৰঘৰৰ সদস্য এইজন ঠিকাদাৰৰ অনিয়মৰ বিৰুদ্ধে থিয় দিবলৈ সাহস গোটাব পৰা নাই "আধুনিক ঢকুৱাখনাৰ নিৰ্মাতা" নৱ দলেয়ে ।
তেনেদৰেই মৌন ঢকুৱাখনা সমজিলা প্ৰশাসন আৰু লখিমপুৰ জিলা কৃষি বিভাগো । ইপিনে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু ৰাজ বৰপাত্ৰ আৰু ঢকুৱাখনা জিলা সমিতিৰ সভাপতি প্ৰহ্লাদ গগৈয়ে শনিবাৰে এই বিসংগতিমূলক কামৰ পৰিদৰ্শন কৰি স্তম্ভিত হয়।
কেন্দ্ৰীয় সমিতিৰ সভাপতি বৰপাত্ৰই এনে পালমৰা নীতিৰে কাম কৰি চৰকাৰী পুঁজি উদৰস্থ কৰিবলৈ পাং পতা ঠিকাদাৰ , আঁচনিৰ নিৰ্মান কাৰ্য তদাৰককাৰী লুভীয়া অভিযন্তাৰ অভিসন্ধি সহ্য কৰা নহ’ব বুলি সকীয়াই দিয়ে । এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কৃষি দপ্তৰৰ মন্ত্ৰী অতুল বৰা, লখিমপুৰ জিলাৰ জিলা আয়ুক্ত, ঢকুৱাখনা সমজিলাৰ আয়ুক্ত, বিধায়ক নৱ দলে সকলোকে এবাৰ আহি চৰকাৰী পুঁজিৰ অপচয়ৰ নমুনা প্ৰত্যক্ষ কৰি বেপৰোৱা ঠিকাদাৰৰ ওপৰত কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনাইছে কৃষক মুক্তিয়ে ।
এখন চৰকাৰী আঁচনিৰ ৰূপায়ণৰ বেলিকা সংঘটিত এনে পালমৰা কামৰ বিৰুদ্ধে প্ৰশাসন আৰু লোকনিৰ্মাণ (গৃহ) বিভাগৰ লগতে কৃষি বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে কৃষক মুক্তিৰ উদ্যোগত ৰাইজৰ সহযোগত অচিৰেই ব্যাপক গণ আন্দোলনৰ পাতনি মেলিব বুলিও সকীয়াই দি এইক্ষেত্ৰত বিধায়কৰ চকু মুদা কুলিৰ ভূমিকাক একেমুখে নিন্দা কৰিছে ।
উল্লেখযোগ্য যে ঢকুৱাখনা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়তো ভাগি ছিগি উৱঁলি যোৱাৰ পৰিপ্ৰেক্ষিতত এই ক্ৰুটিপূৰ্ণ কৃষি জ্ঞান কেন্দ্ৰটোলৈ মহকুমা কৃষি বিভাগটো স্থানান্তৰ কৰি অস্থায়ীভাৱে পৰিচালনা কৰি অহা হৈছে । স্মৰ্তব্য যে চৰকাৰী আঁচনিৰ শুভাৰম্ভ কৰিয়েই দায়িত্ব সামৰা বিধায়ক নৱ দলেৰ পৃষ্ঠপোষকতাত এচাম ঘনিষ্ঠ ঠিকাদাৰক আঁচনি ৰূপায়ণৰ ঠিকা দিয়াৰ পাছত ঢকুৱাখনাৰ উন্নয়নমূলক পুঁজি ৰূপায়নৰ নামত মুকলি লুটপাত চলাই আহিছে এনেবোৰ পক্ষই ।
বিধায়কৰ আশীৰ্বাদপুষ্ট হোৱাৰ বাবেই এনেবোৰ দুৰ্নীতিগ্ৰস্তৰ প্ৰতি দৰদী ভূমিকা লৈ আহিছে লখিমপুৰ জিলা প্ৰশাসন আৰু ঢকুৱাখনা সমজিলা প্ৰশাসনৰ মুৰব্বীসকলে । দুৰ্নীতিৰ সতে আপোচ কৰি অহা প্ৰশাসনীয় মুৰব্বীৰ এনে মৰটোপনিৰ বাবেই ঠিকাদাৰৰ ইচ্ছাই যেন আইন হয় ঢকুৱাখনাত !