/asomiyapratidin/media/media_files/2025/06/23/web-ap-bhoot-bangla-2025-06-23-13-41-18.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : সময় আৰু সুযোগ পালেই ট্ৰেক্টৰ চলাই ,ভূঁই ৰুই কৃষকৰ ভাও দিয়াত সিদ্ধহস্ত ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা । মন্ত্ৰী বৰাৰ সস্তীয়া জনপ্ৰিয়তা অর্জনৰ এনে চাতুৰ্য্যতাৰ বিপৰীতে ঢকুৱাখনা সমজিলাত এইজন মন্ত্ৰীৰ উলংগ স্বৰূপ উন্মোচিত হৈছে ।
পোহৰলৈ আহিছে সততে সফল আৰু দায়বদ্ধ মন্ত্ৰী হিচাপে আত্মজাহিৰ কৰি অহা মন্ত্ৰী অতুল বৰাৰ অকৰ্মন্যতা আৰু দায়িত্বহীনতাৰ অন্য এক নিৰ্মোহ ছবি । ঢকুৱাখনাক মহকুমা ঘোষণাৰ মৰ্যদাৰে ৯০ দশকতে স্থাপন কৰা হৈছিল ঢকুৱাখনা মহকুমা কৃষি বিষয়াৰ কাৰ্য্যালয়টো।
প্ৰায় ৯০ শতাংশ কৃষিজীৱী পৰিয়ালেৰে পৰিপুষ্ট বৰ্তমানৰ সমজিলাখনত কৃষিজীৱী ৰাইজৰ হিতাৰ্থে ঢকুৱাখনা নগৰৰ ব্লক চাৰিআলিৰ সমীপত নিজা ভূখণ্ডত স্থাপিত কৃষি বিষয়াৰ কাৰ্য্যালয়টো এইজন অকৰ্মন্য মন্ত্ৰীৰ গুৰুত্বহীনতাৰ বাবেই এতিয়া বিধ্বস্ত ৰূপ লৈছে । বিগত প্ৰায় ১০বছৰৰ পৰাই ক্ৰমাৎ ঘৰ, বেৰ , চাদ , দুৱাৰ খিৰিকী , মজিয়া আচবাব সকলো জহি খহি নিঃশেষ হোৱাৰ পথত অগ্ৰসৰ হোৱাত বাৰম্বাৰ এই গুৰুত্বপূৰ্ণ বিভাগটো মেৰামতি অথবা পুনৰ নিৰ্মাণৰ দাবী উথাপিত হৈ আহিছিল ।
কেৱল কাৰ্যালটোৰেই নহয় চৌহদত থকা বাসগৃহ , ভঁৰাল, চৰকাৰী যান- বাহনৰ মৃত্যুমুখী যাত্ৰাৰ সময়ত বিভাগীয়ভাৱে আৰু ঢকুৱাখনাৰ দল সংগঠনে মন্ত্ৰী বৰাৰ লগতে বিধায়ক নৱ দলেকো বহুবাৰ আবেদন জনাই চহা ৰাইজৰ সহায়ক হোৱাকৈ পৰ্যাপ্ত আন্তঃগাঁঠনি উপলব্ধ কৰি বিভাগটো উদ্ধাৰৰ দাবী জনাইছিল । পিছে নিজা বিভাগৰে সমজিলা স্তৰৰ এটা মুখ্য কাৰ্য্যালয়ৰ লগতে অন্যান্য গৃহৰ এনে জৰাজীৰ্ণ বিধ্বস্ত অৱস্থাৰ পৰা পৰিত্ৰাণ দিয়াৰ কথা চিন্তা কৰাৰ আহৰি নহ'ল মন্ত্ৰী বিধায়কৰ ।
বাৰিষা বৰষুণ ,খৰালি ৰ'দৰ মাজতে সীমাহীন আৰু অবৰ্ণনীয় দুৰ্ভোগ ভোগীও বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলে চৰকাৰী সেৱা আগবঢ়াই গৈছিল নিয়মীয়াকৈ। কিন্তু যিকোনো মুহূৰ্তত জৰাজীৰ্ণ কাৰ্য্যালয়টো ভাগি পৰাৰ আশংকা কৰা বিষয়া কৰ্মচাৰীসকলৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰিলে দায়িত্বহীন মন্ত্ৰী বৰা আৰু বিধায়ক নৱ দলেয়ে ।
পৰিণতিত জৰাজীৰ্ণ কাৰ্য্যালয়টোৰ বাবে জীৱনৰ শংকা নামি অহা কৰ্মচাৰীসকলে চৌহদৰ সমীপতে নৱ নিৰ্মিত এটা জ্ঞান কেন্দ্ৰলৈ অস্থ্যয়ীভাৱে স্থানান্তৰিত কৰি চৰকাৰী সেৱা আগবঢ়াব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে । বৰ্তমানেও বিভাগীয় বহু নথি-পত্ৰ আচবাব আদি জৰাজীৰ্ণ কাৰ্যালয়টোতে থকাৰ সময়তে ভূত বঙলালৈ পতিত হৈছে এই গুৰুত্বপূৰ্ণ বিভাগীয় কাৰ্য্যালয়টো ।
পৰিত্যক্ত অৱস্থাৰ পুতিগন্ধময় কদৰ্য ৰূপ লোৱা এই গুৰুত্বপূৰ্ণ বিভাগটো স্থায়ীভাৱে পৰিচালনা কৰিবলৈ এটা গৃহৰ অভাৱত ভোগাৰ পাছতো অন্ধমুনিৰ ভূমিকা পালিছে মন্ত্ৰী আৰু বিধায়কে । কৃষি বিভাগৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগৰ এনে অস্তিত্বহীন অৱস্থাই গ্ৰাস কৰাৰ সময়তো বিকল্প স্থানৰ সন্ধান দিয়াত নির্লজভাৱে ব্যৰ্থ এনেবোৰ ক্ষমতাশীল পক্ষ ।
নিৰ্বিকাৰ কৃষি বিভাগৰ বেতনভোগী আমোলা বিষয়া । সমজিলাখনৰ ৯০% কৃষিজীৱীকলৈ সদাব্যস্ত এই বিভাগটোৰ এই দুৰ্গতি দেখি স্তম্ভিত সমজিলাবাসী । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু ৰাজ বৰপাত্ৰ ,ঢকুৱাখনা জিলা সমিতিৰ সভাপতি প্ৰহ্লাদ গগৈয়ে সোমবাৰে এই জৰাজীৰ্ণ ভূত বঙলা সদৃশ বিভাগীয় কাৰ্য্যালয়টো পৰিদৰ্শন কৰি এনে দুৰ্দশাৰ বাবে অকৰ্মন্য মন্ত্ৰী বৰা আৰু বিধায়ক দলেক জগৰীয়া কৰিছে ।
এটা চৰকাৰী বিভাগৰ কাৰ্য্যালয়ৰ এনে অস্তিত্বহীন বিধ্বস্ত আৰু লাওলোৱা ৰূপে মন্ত্ৰী- বিধায়কৰ নগ্ন আৰু দায়িত্বহীন স্থিতি উদঙাই দেখুৱা বুলি কৈ শীঘ্ৰে এটা স্থায়ী গৃহ নিৰ্মাণৰ দাবী জনাইছে । স্মৰ্তব্য যে ব্যৱহাৰৰ অনুপযোগী হোৱা কাৰ্য্যালয়টো সমীপৰ কৃষি জ্ঞান কেন্দ্ৰৰ গৃহৰ পৰা অস্থ্যয়ীভাৱে পৰিচালিত হৈ আহিছে মাহ মাহ ধৰি ।