/asomiyapratidin/media/media_files/2025/10/26/58-2025-10-26-23-44-03.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা তাই আহোম সমন্বয়ৰক্ষী সমিতিৰ এখনি ৰাজহুৱা সভা সমিতিৰ সভাপতি লক্ষেশ্বৰ কোঁৱৰৰ সভাপতিত্বত ধেমাজি নগৰৰ ভেহপৰা চাও ছেং ৰেনত দেওবাৰে অনুষ্ঠিত হয় ৷ সভাৰ উদ্দেশ্যে
ব্যাখ্যা কৰে ধেমাজি জিলা তাই আহোম সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক জয়ন্ত দিহিঙ্গীয়াই ৷
সমিতিৰ উপদেষ্টা আৰু বিষয়ববীয়াসকলৰ উপস্থিতত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনত সংগঠনটোৰ বহু কেইটা গুৰুত্বপূৰ্ণ বিষয় সৰ্ম্পকে বিতংভাৱে আলোচনা কৰা হয় ৷ সভাৰ সৰ্ব্বসন্মতি মৰ্মে চলিত জিলা তাই আহোম সমন্বয়ৰক্ষী সমিতিখন ভংগ
কৰি ধৰ্মেশ্বৰ কোঁৱৰক সভাপতি আৰু অনিৰুদ্ধ বৰগোহাঁইক সম্পাদক হিচাপে লৈ এখনি ৩১ জনীয়া শক্তিশালী নতুন সমিতি গঠন কৰে ৷
সভাই পূৰ্বৰ সমিতিখনৰ হিচাপ নিকাচ নিখুঁতভাৱে কৰা উদ্দেশ্যে জিলা তাই আহোম সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিষ্ঠাক প্ৰাক্তন সম্পাদক গোলাপ গগৈকে মুখ্য কৰি এখনি পাঁচ জনীয়া হিচাপ পৰীক্ষক সমিতি সভাই গঠন কৰি দিয়ে ৷
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us