সাজু হৈ উঠিছে নতুন অসমীয়া চিনেমা প্ৰস্তাৱনা— The Preamble

প্ৰথিতযশা ঔপনাসিক, গল্পকাৰ, নিবন্ধকাৰ আৰু স্তম্ভলেখক দিলীপ বৰাৰ বহুপঠিত জনপ্ৰিয় উপন্যাস ' যাত্ৰা'ৰ আধাৰত নিৰ্মাণ কৰা হৈছে প্ৰস্তাৱনা- The Preamble চিনেমাখন ৷  

author-image
Asomiya Pratidin
New Update
সাজু হৈ উঠিছে নতুন অসমীয়া চিনেমা প্ৰস্তাৱনা— The Preamble

সাজু হৈ উঠিছে নতুন অসমীয়া চিনেমা প্ৰস্তাৱনা— The Preamble

ডিজিটেল সংবাদ, গুৱাহাটী : প্ৰথিতযশা ঔপনাসিক, গল্পকাৰ, নিবন্ধকাৰ আৰু স্তম্ভলেখক দিলীপ বৰাৰ বহুপঠিত জনপ্ৰিয় উপন্যাস ' যাত্ৰা'ৰ আধাৰত নিৰ্মাণ কৰা হৈছে প্ৰস্তাৱনা- The Preamble চিনেমাখন ৷  ভাৰতৰ সাম্প্ৰতিক সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিয়ে ছাত্ৰসমাজকো কিদৰে ৰাজনীতিৰ চক্ৰবেহুত বন্দী কৰাৰ সম্ভাৱনা কঢ়িয়াই আনিছে তাৰেই এখন হুবহু ছবি চলচিত্ৰখনত তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে বুলি জানিবলৈ দিছে চিনেমাখনৰ নিৰ্মাতা, পৰিচালক দিলীপ বৰা আৰু মানিক ৰয়ে৷ 

Advertisment

'চাপৰিলে মেঘ নেৰায়' অসমীয়া সমাজৰ এই আপ্তবাক্যশাৰী মনত পেলাই চলচিত্ৰখনে দেশৰ নৱপ্ৰজন্মক গণতন্ত্ৰ বৰ্তাই ৰাখিবলৈ হ’লে সদাসতৰ্ক হৈ থকাৰ যে বিকল্প নাই তাকেই দোহাৰিছে ৷ ন্যায়, সমতা, স্বাধীনতা আৰু ভাতৃত্ববোধ, আমাৰ সংবিধানৰ এই চাৰিটা মৌলিক আধাৰেই যে আমাক বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰূপে প্ৰতিষ্ঠা কৰিছে সেই সত্যৰ প্ৰতি নৱপ্ৰজন্মক সচেতন কৰাৰো ই এক প্ৰয়াস বুলি পৰিচালকদ্বয়ে জানিবলৈ দিয়ে৷

চিনেমাখনৰ প্ৰযোজনা দিলীপ বৰাৰ। দিলীপ বৰাৰ লগতে আন এগৰাকী পৰিচালক হৈছে অসমৰ নাট্য জগতৰ এটি চিৰ পৰিচিত নাম,সুদক্ষ পৰিচালক মানিক ৰয়। চিনেমাখনৰ কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰিছে দিলীপ বৰাই। সহকাৰী পৰিচালক অনমোল ৰাজ শইকীয়া আৰু ভাস্কৰ দত্ত। ডিৰেক্টৰ অৱ ফটোগ্ৰাফী বিতুল দাস। 

চিনেমাখন সম্পাদনা কৰিছে এ.শ্ৰীকৰ প্ৰসাদে। শব্দ অৰ্ণৱ বৰাৰ। কলা গোলক সাহাৰ। সাজসজ্জা সুমন ফুকন। প্ৰযোজনা নিয়ন্ত্ৰন উত্তম কুমাৰ ডেকাৰ। চিনেমাখনত ব্যৱহাৰ হোৱা দুটি গীত সাজু কৰিছে সত্যৰঞ্জন ভূঞা আৰু হিতেশ্বৰ ৰয়ে। দুয়োগৰাকী সংগীতকৰ্মীয়ে গীত দুটি নিজে ৰচনা কৰাৰ লগতে সুৰাৰোপো কৰিছে। 

এই চিনেমাখনত অভিনয় কৰিছে অসমৰ অভিনয় জগতৰ প্ৰসিদ্ধ তাৰকা তপন দাসে। তদুপৰি আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহ ৰূপায়ণ কৰিছে ক্ৰমে পাৰ্ভি বৰুৱা, হিল্লোল কুমাৰ পাঠক, দেৱজিত মজুমদাৰ,অশ্বিনী ভূঞা, অবতোষ ভূঞা, কৌশিক নাথ, আৰকে, সীমান্ত ৰাজ শৰ্মা কন্দলী, অন্তৰা চৌধুৰী, আদি অভিনেতা অভিনেত্ৰীয়ে।

cinema