/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/ffab70cd-deb2-4278-b3ef-108f7862213c/boko_08.jpg)
boko
ডিজিটেল সংবাদ বকো: কামৰূপ জিলাৰ বকোত যোৱা ২৭ ছেপ্টেম্বৰৰ নিশা গেলামাল দোকান এখনত ধন নিবলৈ অহা চাৰিজনীয়া দুৰ্বৃত্তৰ দলটোৰ এটা দুৰ্বৃত্তক বকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।জানিবপৰা মতে দুৰ্বৃত্তটোৱে নাগালেণ্ডলৈ ৰে'ল যোগে পলাই যোৱাৰ চেষ্টা কৰোতে গুৱাহাটী ৰে'ল ষ্টেচনত শুকুৰবাৰে নিশা কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠক আৰু বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফনীন্দ্ৰ নাথৰ নেতৃত্বত অভিযান চলাই দুৰ্বৃত্তটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
দুৰ্বৃত্তটো গোৱালপাৰা জিলাৰ ৰংজুলিৰ কমল খাখলাৰী বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । অধিক তথ্যৰ বাবে সম্প্ৰতি দুৰ্বৃত্তটোক বকো থানাত ৰাখি আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে, যোৱা ২৭ ছেপ্টেম্বৰৰ নিশা বকো থানাৰ অন্তৰ্গত ৰাজাপাৰা চ'কত থকা গোপাল চেত্ৰী নামৰ ব্যৱসায়ী এগৰাকীৰ গেলামাল দোকানত চাৰিজনীয়া দুৰ্বৃত্তৰ দল এটাই পিষ্টল দেখুৱাই ধন দাবী কৰিছিল ।
ৰাইজে চাৰিওফালৰ পৰা ঘেৰি ধৰি সেই নিশাই দুৰ্বৃত্তৰ দলটোৰ দুটা দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । তাৰে চিৰাং জিলাৰ দৰসিং বসুমতাৰী নামৰ দুৰ্বৃত্তটো আৰক্ষীৰ গুলীত সেই নিশাই নিহত হয় আৰু আন এটা দুৰ্বৃত্ত ৰমেন বৰগয়াৰীক আৰক্ষীয়ে জে'ললৈ প্ৰেৰণ কৰে ।
আৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোৰ আন দুটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ গোপনে সন্ধান চলাই আহিছিল। যোৱা নিশা গুৱাহাটী ৰে'ল ষ্টেচনত ৰংজুলিৰ কমল খাখলাৰী নামৰ দুৰ্বৃত্তটোক গ্ৰেপ্তাৰ কৰাৰ পিছত আনটো দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান চলাই থকা বুলি জানিবপৰা গৈছে ।