সৰভোগৰ পৰা নিৰুদ্দেশ এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলা

সৰভোগৰ সাহপুৰ গাঁৱৰ এগৰাকী মহিলা নিৰুদ্দেশৰ ঘটনাই সমগ্র অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছাহাৰা খাতুন নামৰ এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলা ১২ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। 

author-image
Asomiya Pratidin
New Update
নিৰুদ্দেশ এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলা

নিৰুদ্দেশ এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলা

ডিজিটেল সংবাদ, সৰভোগ: সৰভোগৰ সাহপুৰ গাঁৱৰ এগৰাকী মহিলা নিৰুদ্দেশৰ ঘটনাই সমগ্র অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ছাহাৰা খাতুন নামৰ প্ৰায় ৪০ বছৰীয়া এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলা ১২ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। 

নিৰুদ্দেশৰ সময়ত পিন্ধনত ৰঙা ৰঙৰ শাৰী কাপোৰ পিন্ধি আছিল ছাহাৰা খাতুনে। ছাহাৰাৰ গাৰ বৰণ মিঠা বৰণীয়া। চৌদিশে বিচাৰ খোচাৰ কৰা পিছতো এতিয়ালৈকে সন্ধান পোৱা নাই ছাহাৰা খাতুনৰ । যাৰবাবে এতিয়া  কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোকে। ইপিনে ছাহাৰা খাতুনৰ পৰিয়ালৰ লোকে সৰভোগ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। কোনো ব্যক্তিয়ে ছাহাৰা খাতুনৰ সন্ধান পালে ফোন নম্বৰ 9387473741  যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনায়।

নিৰুদ্দেশ সৰভোগ