Advertisment

কমাৰগাঁৱত কণ কণ ছাত্ৰ–ছাত্ৰীৰ দ্বাৰা শিল্পী আইদেউ সন্দিকৈৰ স্মৃতি অনুষ্ঠান

বোকাখাত উপ জিলাৰ কমাৰগাঁৱৰ বৰদিহিঙীয়াত অৱস্থিত ঘনকান্ত শইকীয়া আৰু তিলেশ্বৰী শইকীয়া পুথিভঁৰালত দেওবাৰে মৰঙী মৌজাৰ ৰংবঙৰ শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ ডেৰকুৰি কণ কণ ছাত্ৰ - ছাত্ৰীয়ে শিল্পী আইদেউ সন্দিকৈ জীৱন ভিত্তিক স্মৃতি ৰোমন্ঠন কৰে

author-image
Asomiya Pratidin
New Update
sfdtj

ডিজিটেল সংবাদ, বোকাখাত : বোকাখাত উপ জিলাৰ কমাৰগাঁৱৰ বৰদিহিঙীয়াত অৱস্থিত ঘনকান্ত শইকীয়া আৰু তিলেশ্বৰী শইকীয়া পুথিভঁৰালত দেওবাৰে মৰঙী মৌজাৰ ৰংবঙৰ শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ ডেৰকুৰি কণ কণ ছাত্ৰ - ছাত্ৰীয়ে শিল্পী আইদেউ সন্দিকৈ জীৱন ভিত্তিক স্মৃতি ৰোমন্ঠন কৰে। বেচৰকাৰী শৈক্ষিক সংগঠন ʼশিক্ষাʼৰ তৎপৰতাত পুথিভঁৰালৰ গুৰুত্ব বুজ লোৱাৰ লগতে পুথিভঁৰালৰ গ্ৰন্থ অধ্যয়ন কৰে। 

Advertisment

তদুপৰি প্ৰথম অসমীয়া বোলছবি জয়মতীৰ নাম ভুমিকাত অভিনয় কৰা কমাৰগাঁৱৰ পানীদিহিঙীয়াৰ আইদেউ সন্দিকৈৰ জীৱন পৰিক্ৰমা বুজ লয়। আইদেউ সন্দিকৈৰ শিল্পী জীৱনৰ ওপৰত বক্তব্য প্ৰদান কৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়া আৰু আইদেউ সন্দিকৈৰ পৰিয়ালৰ চন্দ্ৰ ফুকনে। 

অনুষ্ঠানত চাহ ভৱিষ্যনিধী‌ কাৰ্যালয়ৰ সহ আয়ুক্ত সোমেশ্বৰ বাঢ়ৈ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বদন শইকীয়াই বক্তৃব্য প্ৰদান কৰে। পুথিভঁৰালৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীৰ দলটোক শৈক্ষিক উপহাৰ প্ৰদানৰ লগতে বেচৰকাৰী সংগঠন শিক্ষাৰ সঞ্চালক বিনন ফুকনক গ্ৰন্থৰ টোপোলা প্ৰদান কৰে। 

শিক্ষাৰ সঞ্চালক বিনন ফুকনে ঘনকান্ত শইকীয়া আৰু তিলেশ্বৰী শইকীয়া পুথিভঁৰালৰ স্বত্বাধিকাৰী মহেন শইকীয়াক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে। দলটোৱে পুথিভঁৰাল পৰ্যবেক্ষণৰ পাছত আইদেউ সন্দিকৈৰ থকা পানীদিহিঙীয়াৰ গৃহলৈ গৈ আইদেউ সন্দিকৈয়ে ব্যৱহাৰ কৰা কিছু সামগ্ৰী তথা বিভিন্ন বঁটাসমূহ প্ৰত্যক্ষ কৰে। দলটোৱে আইদেউ সন্দিকৈ সাংস্কৃতিক সংগ্ৰহালয় প্ৰত্যক্ষ কৰে। উল্লেখ্য যে বেচৰকাৰী শৈক্ষিক সংগঠন শিক্ষাই দীৰ্ঘদিন ধৰি ছাত্ৰ- ছাত্ৰীৰ উন্নয়ন কল্পে কাম কৰি আহিছে।

bokakhat