মাজবাটত কৃষি বিভাগৰ উদ্যোগত কৃষক আৰু গাঁওবুঢ়াৰ সৈতে মত বিনিময় অনুষ্ঠান...

মত-বিনিময় সভাত প্ৰায় শতাধিক কৃষক ৰাইজ উপস্থিত

author-image
Asomiya Pratidin
New Update
মাজবাটত কৃষি বিভাগৰ উদ্যোগত কৃষক আৰু গাঁওবুঢ়াৰ সৈতে মত বিনিময় অনুষ্ঠান...

Majbat Agriculture

ডিজিটেল সংবাদ, ওৰাংঃ ওদালগুৰি জিলা কৃষি বিভাগৰ উদ্যোগত কৃষকৰ সৈতে মতবিনিময় কৰাৰ উদ্দেশ্যে মঙ্গলবাৰে ওদালগুৰি জিলাৰ অন্তৰ্গত মাজবাট কৃষি চক্ৰত এখন সভা অনুষ্ঠিত হয়। মাজবাট ৰাজহ চক্ৰৰ কৃষক ভৱনত অনুষ্ঠিত হোৱা কৃষকৰ সৈতে মত-বিনিময় সভাত উপস্থিত হৈ মাজবাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকাই গাওঁবুঢ়া আৰু কৃষকক বিজ্ঞানসন্মত ভাৱে খেতি কৰিবলৈ আহ্বান জনোৱাৰ লগতে কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ সহায় সহযোগিতা গ্ৰহণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে।

Advertisment

অনুষ্ঠানত উপস্থিত থাকে ওদালগুৰি জিলাৰ সহকাৰী আয়ুক্ত নিলাক্ষী বৈশ্য। তেওঁ কৃষকৰ সমস্যা সমূহ পৰ্যালোচনা কৰি ক্ৰেতা-বিক্ৰেতা আৰু বজাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। মাজবাট কৃষি চক্ৰৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ গাঁওবুঢ়া আৰু কৃষকসকলে সন্মুখীন হৈ থকা সমস্যাসমূহ দাঙি ধৰে আৰু তেওঁলোকৰ সমস্যাৰ সমাধান স্বৰূপে জিলা কৃষি উন্নয়ন বিষয়া ইন্দু প্ৰাঞ্জল বৰাই মন্তব্য আগবঢ়ায়।

majbat agriculture
majbat agriculture

সভাত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা One District One Product (এখন জিলা এক উৎপাদন) মৰ্মে ওদালগুৰি জিলাৰ বাবে নিৰ্ধাৰিত কৰা আলু খেতি সন্দৰ্ভত জিলাখনৰ পৰিকল্পনাসমূহ পৰ্যালোচনা কৰে।

কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা ৰূপায়িত হৈ থকা আঁচনি সমূহৰ সুবিধা তথা খেতিৰ বাবে প্ৰদান কৰা বীজ সমূহ সময় মতে গ্ৰহণ কৰি সহায় সহযোগিতা আগবঢ়াবলৈ কৃষি সম্প্ৰসাৰণ সহায়ক উৎপল ডেকাই কৃষকক অনুৰোধ জনায়। মত-বিনিময় সভাত প্ৰায় শতাধিক কৃষক ৰাইজ উপস্থিত থাকে।

assam majbat agriculture