/asomiyapratidin/media/media_files/2025/07/27/lumding-2025-07-27-16-29-58.jpg)
ৰে'ল বিভাগৰ উচ্ছেদ সন্দৰ্ভত লামডিঙত নাগৰিক সভা
ডিজিটেল সংবাদ, লামডিংঃ লামডিঙৰ হৰুলংফাৰ বজাৰ আৰু পুৰণি নামঘৰকে ধৰি বিভিন্ন স্থানত ৰে'ল বিভাগে উচ্ছেদৰ জাননী জাৰি কৰিছে ৷ জাননী জাৰি কৰাৰ পাছতে এতিয়া শংকাত দিন কটাইছে লামডিঙৰ একাংশ ৰাইজে ৷ যাৰবাবে লামডিঙৰ হৰুলংফাৰ বজাৰত দেওবাৰে এখন সভাৰ আয়োজন কৰে।
সভাত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ উপস্থিত থকাৰ লগতে লামডিং পৌৰসভাৰ সকলো ৱাৰ্ডৰ অধ্যক্ষ আৰু লামডিং হৰুলংফাৰ বজাৰ কমিটিৰ সকলো সদস্য় উপস্থিত আছিল৷ বিধায়ক গৰাকীয়ে মন্তব্য কৰে যে, "ইতিমধ্যে ৰে'ল কৰ্তৃপক্ষৰ সৈতে বহুবাৰ বিধায়কৰ মত বিনিময় হোৱাৰ বিপৰীতে ৰে'ল বিভাগক দ্বৈত ৰে'লপথৰ নিৰ্মাণৰ বাবে যিমান প্ৰয়োজন সেইখিনি মাটি লৈ বাকী ৰাইজক কিছু পৰিমাণে সকাহ দিয়াৰ প্ৰচেষ্টা চলাইছে" বুলি জানিব দিয়ে ৷