টিহু উন্নয়নৰ মাষ্টাৰ প্লেন প্ৰস্তুত বিষয়ত গুৰুত্বপূৰ্ণ সভা...

সভাত নলবাৰী জিলাৰ নগৰ আৰু চহৰ পৰিকল্পনা বিভাগৰ উপ সঞ্চালক ফটিক বৰা উপস্থিত থাকে

author-image
Asomiya Pratidin
New Update
টিহু উন্নয়নৰ মাষ্টাৰ প্লেন প্ৰস্তুত বিষয়ত গুৰুত্বপূৰ্ণ সভা...

TIHU MEETING

ডিজিটেল সংবাদ, নলবাৰীঃ সাম্প্ৰতিক সময়ৰ জনসংখ্যা বৃদ্ধি, গোলকীয় উষ্ণতা বৃদ্ধি আৰু নগৰীকৰণৰ বিভিন্ন ধাৰাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ নিৰ্দেশত আৰু নগৰ আৰু গাঁও পৰিকল্পনা বিভাগৰ সহযোগত নলবাৰী জিলাৰ টিহু পৌৰসভা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ ৩২.৩৩ বৰ্গ কিলোমিটাৰ মাটিকালি সামৰি টিহুৰ বাবে এখন কুৰি বছৰীয়া সৰ্বাংগীন পৰিকল্পনা তথা মাষ্টাৰ প্লেন প্ৰস্তত কৰি থকা হৈছে।

Advertisment

উক্ত মাষ্টাৰ প্লেনখন সু সংহত আৰু সুদৃঢ় কৰাৰ উদ্দ্যেশ্যে টিহু পৌৰসভা এলেকাৰ উপৰি টিহুৰ ১১ খন ৰাজহ গাঁৱক সামৰি লৈ প্ৰস্তুত কৰাৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

তাৰ অংশ হিচাপে ২৮ ছেপ্টেম্বৰত টিহু পৌৰসভাৰ কাৰ্যালয়ত টিহু পৌৰসভাৰ পৌৰপতি হিমানী মজুমদাৰৰ পৌৰোহিত্যত অনুষ্ঠিত এখন সভাত টিহুৰ গাঁৱসমূহৰ পঞ্চায়তৰ সভাপতি,পঞ্চায়ত প্ৰতিনিধি আৰু গাঁও প্ৰধান সকলৰ মাজত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

সভাত প্ৰস্তাৱিত মাষ্টাৰ প্লেন সন্দৰ্ভত গাঁও সমূহৰ পঞ্চায়তৰ সভাপতি, পঞ্চায়ত প্ৰতিনিধি, গাঁও প্ৰধান সকলৰ মতামত গ্ৰহণ কৰা হয়।

সভাত অসম চৰকাৰৰ গৃহ নিৰ্মাণ নগৰ আৰু গাঁও পৰিকল্পনা বিভাগৰ সহযোগত প্ৰস্তুত কৰি থকা উক্ত মাষ্টাৰ প্লেন সন্দৰ্ভত এক ‘পাৱাৰ পইণ্ট’ উপস্থাপন কৰা হয়। এই সভাত নলবাৰী জিলাৰ নগৰ আৰু চহৰ পৰিকল্পনা বিভাগৰ উপ সঞ্চালক ফটিক বৰা, টিহু পৌৰসভাৰ কাৰ্যবাহী বিষয়া উপাসনা ডেকা আদি বিষয়াসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২১ ছেপ্টেম্বৰত টিহু মহাবিদ্যালয়ত এই সন্দৰ্ভত টিহু অঞ্চলৰ দল, সংগঠন, অনুষ্ঠান, প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষৰ গঠনমূলক দিহা পৰামৰ্শ তথা মতামত গ্ৰহণৰ বাবে নলবাৰী জিলাৰ উপায়ুক্ত গীতিমণি ফুকনৰ পৌৰোহিত্যত অনুষ্ঠিত এখন প্ৰতিনিধিত্বমূলক সভা অনুষ্ঠিত হৈ যায়।

উল্লেখ্য যে উক্ত সভাত স্থানীয় বিধায়ক তথা পঞ্চায়ত, গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে এখন উন্নয়ন কৰ্তৃপক্ষ গঠনত গুৰুত্ব আৰোপ কৰি উক্ত ‘মাষ্টাৰ প্লেন’ খন টিহু পৌৰসভা এলেকাৰ লগতে টিহুৰ ১১ খন ৰাজহ গাঁৱক সামৰি প্ৰস্তুত কৰাৰ বাবে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগ বঢ়াইছিল ।

পৰৱৰ্তী সময়ত টিহু উন্নয়ন কৰ্তৃপক্ষ গঠন কৰিলে যাতে টিহুৰ গ্ৰামাঞ্চলসমুহৰো উন্নয়ন সাধন হয় মাষ্টাৰ প্লেনত সেইটো নিশ্চিত হ’ব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল।

nalbari tihu