চাৰিদুৱাৰৰ মৰিসুতিৰ পৰা সন্ধানহীন বিবাহিত মহিলা

শোণিতপুৰৰ চাৰিদুৱাৰ থানাৰ অন্তৰ্গত মৰিসুতিৰ পৰা উৰ্বশী মালা নামৰ এগৰাকী বিবাহিতা মহিলা নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
চাৰিদুৱাৰৰ মৰিসুতিৰ পৰা সন্ধানহীন বিবাহিত মহিলা

চাৰিদুৱাৰৰ মৰিসুতিৰ পৰা সন্ধানহীন বিবাহিত মহিলা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰৰ চাৰিদুৱাৰ থানাৰ অন্তৰ্গত মৰিসুতিৰ পৰা উৰ্বশী মালা নামৰ এগৰাকী বিবাহিতা মহিলা নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিগত এমাহ ধৰি নিৰেদ্দেশ হৈ আছে বিবাহিত মহিলা গৰাকী ৷  

উল্লেখযোগ্য যে, এবছৰ পূৰ্বে মৰিসুতিৰ উৰ্বশী মালাৰ নামৰ বিবাহিত মহিলাগৰাকী বিয়া হৈছিল তামুলপুৰত ৷ এমাহ আগতে চাৰিদুৱাৰৰ মৰিসুতিৰ নিজৰ মাকৰ ঘৰলৈ আহিছিল উৰ্বশী ৷ চাৰিদুৱাৰ সমীপৰ লোক্ৰাৰ ভনীয়েকৰ ঘৰলৈ তেওঁ ফুৰিবলৈ গৈছিল। সন্ধিয়া ঘৰলৈ উভতি অহাৰ পিছৰে পৰা মহিলাগৰাকী নিৰুদ্দেশ হৈ পৰে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰিও কোনো সন্ধান নোপোৱাত চাৰিদুৱাৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

চাৰিদুৱাৰ