ভেকচিন গ্ৰহণ নকৰাকৈয়ে লাভ কৰিলে ভেকচিন গ্ৰহণৰ প্ৰমাণ পত্ৰ…

ভেকচিন গ্ৰহণ নকৰাকৈয়ে লাভ কৰিলে ভেকচিন গ্ৰহণৰ প্ৰমাণ পত্ৰ…

ভেকচিন গ্ৰহণ নকৰাকৈয়ে লাভ কৰিলে ভেকচিন গ্ৰহণৰ মেচেজ…

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ ভূপালত সংঘটিত হৈছে এক আজৱ ঘটনা। ক'ভিড-১৯ৰ ভেকচিন গ্ৰহণ নকৰাকৈয়ে এগৰাকী ব্যক্তিয়ে লাভ কৰিলে সফলতাৰে ভেকচিন গ্ৰহণৰ বাৰ্তা । ভূপালৰ দিব্যাংশ জাৱাৰ নামৰ ব্যক্তিজনৰ লগত সংঘটিত হৈছে এই ঘটনা।

প্ৰকাশিত খবৰ অনুসৰি বিগত ২৭ মে' তাৰিখে দিব্যাংশে ক'ভিড-১৯ৰ ভেকচিন গ্ৰহণ কৰিবলৈ অনলাইন মাধ্যমৰে শ্লট বুকিং কৰিছিল। কিন্তু দিব্যাংশে ভেকচিন গ্ৰহণ কৰাৰ পূৰ্বেই তেওঁৰ মোবাইললৈ সংশ্লিষ্ট বিভাগৰ পৰা সফলতাৰে ভেকচিন গ্ৰহণ কৰাৰ মেচেজ আহে।লগতে তেওঁলৈ আহে ভেকচিন গ্ৰহণৰ প্ৰমাণ পত্ৰ।

দিব্যাংশ জাৱাৰ লগত সংঘটিত হোৱা এই ঘটনা আজি পোহৰলৈ আহিছে। এ এন আইত এই খবৰ প্ৰকাশ পোৱাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in