শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

সহযোগীক গুলীয়াই হত্যা কৰি নিজেও আত্মহত্যা কৰিলে CRPF জোৱানে…

সহযোগীক গুলীয়াই হত্যা কৰি নিজেও আত্মহত্যা কৰিলে CRPF জোৱানে..,

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ চাত্ৰাত এগৰাকী চি আৰ ফি জোৱানে নিজৰ সহযোগীক নিজৰ চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই হত্যা কৰাৰ পিছত নিজেও একেটা ৰাইফলেৰে আত্মহত্যা কৰে।চি আৰ পি এফৰ জোৱান জনে এই ঘটনা কিয় সংঘটিত কৰিলে সেয়া এতিয়াও জানিব পৰা নাই যদিও ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশিত তথ্য অনুসৰি এই ঘটনা সংঘটিত কৰা চি আৰ পি এফ জোৱান জন মানসিক ভাৱে অস্থিৰ হৈ আছিল আৰু ঘটনাটো সংঘটিত হোৱাৰ পূৰ্বে দুয়োজনৰ মাজত কোনো এক বিষয়ক লৈ তৰ্কৰ সৃষ্টি হৈছিল।

ক্লিক কৰি পঢ়কঃ কলিয়াবৰত দিনদুপৰতে ডকাইতি কাণ্ডঃ ডেৰ লাখ টকা লৈ উধাও চাৰিটাকৈ দুৰ্বৃত্ত…

ঝাৰখণ্ডৰ চাত্ৰা জিলাৰ চিমৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত আইটিআই কলেজত স্থাপন কৰা ক’ভিড-১৯ ৰ এক আইশ্যলেছন কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা।উল্লেখ্য যে, এই কেন্দ্ৰটোৰ সুৰক্ষাৰ দায়িত্বত আছিল চি আৰ পি এফৰ ১৯০ নং বেটেলিয়ন। এই বেটেলিয়নৰে জোৱান কালু ৰামে নিশা সহযোগী ৰবিন্দ্ৰ কুমাৰক গুলীয়াই হত্যা কৰি নিজেও আত্মহত্যা কৰে। ঘটনা সংঘটিত কৰা কালু ৰামৰ ঘৰ হাৰিয়ানা আৰু ৰবিন্দ্ৰ কুমাৰ ঘৰৰ ৰাজস্থানত বুলি জানিব পৰা গৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি