জামুগুৰিহাটত বন বিষয়াৰ বাহনত আক্ৰমণ কৰি ৰঙাঘৰৰ আলহী হ'ল এজন

জামুগুৰিহাটৰ দক্ষিণাঞ্চলত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ এখন বিলত অনাধিকাৰ প্ৰবেশ কৰি একাংশ লোকে মাছ ধৰি থকাৰ সময়তে সেই স্থানত উপস্থিত হোৱা বনবিভাগৰ তহলদাৰী দলৰ লগত ৰাইজৰ সংঘৰ্ষ সৃষ্টি হৈছিল।

author-image
Asomiya Pratidin
New Update
vvvvvvvvvvvvv

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  জামুগুৰিহাটৰ চিতলমাৰীত বন বিভাগৰ এগৰাকী বন সংমণ্ডল বিষয়াৰ বাহনত আক্ৰমণ কৰি গ্লাছ ভঙা ঘটনাৰ লগত জড়িত ভূবন ডাংগি নামৰ এজন লোকক আৰক্ষীয়ে গেপ্তাৰ কৰে। জামুগুৰি আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ব্যক্তিজনক আটক কৰাৰ পাছত সোমবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে জামুগুৰিহাটৰ দক্ষিণাঞ্চলত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ এখন বিলত অনাধিকাৰ প্ৰবেশ কৰি একাংশ লোকে মাছ ধৰি থকাৰ সময়তে সেই স্থানত উপস্থিত হোৱা বনবিভাগৰ তহলদাৰী দলৰ লগত ৰাইজৰ সংঘৰ্ষ সৃষ্টি হৈছিল।

ইয়াৰ মাজতে উত্তেজিত লোকে এগৰাকী বন বিভাগৰ বিষয়াৰ  AS-32-2097 নম্বৰৰ ব'লেৰ বাহনখনত আক্ৰমণ কৰি গ্লাছ ভাঙি চুৰমাৰ কৰিছিল। এই অপৰাধত জড়িত সকলৰ মূল অভিযুক্ত চিতলমাৰীৰ ভূবন ডাংগিক জামুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰখাৰ পিছত সোমবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে।

জামুগুৰিহাট