/asomiyapratidin/media/media_files/2025/01/09/VOUMrlAOtewlaF1ZW8ne.jpg)
ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত পৰ্বতঝোৰা বগৰিবাৰী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলায় দুটাকৈ চোৰাং গৰুসহ এজন চোৰক আটক কৰে ।ধৃত চোৰটো তামুকবাৰী ২য় খণ্ডৰ আমিনুল ইছলাম ।
উল্লেখ্য যে যোৱা সোমবাৰে সাগৰফেনা গাঁৱৰ পৰা দুটা গৰু চুৰি হোৱাত গৰুৰ গৰাকীয়ে থানাত এজাহাৰ দাখিল কৰিছিল । পৰ্বতঝোৰা আৰক্ষী বিষয়া আৰু বগৰিবাৰী আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত নিশা অভিযান চলায় চোৰাং গৰু দুটা টিপকাই নদী পাৰ কৰি থকা অৱস্থাত উদ্ধাৰ কৰি আটক কৰে চোৰটোক ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us