/asomiyapratidin/media/media_files/2025/02/06/8RBXJzZyAlaLXK2ur9EE.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ ধুবুৰী আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই সৌৰ শক্তি প্ৰকল্পৰ বেটাৰী চুৰিৰ লগত জড়িত থকাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধুবুৰীৰ মাজেৰ চৰ অঞ্চলৰ পৰা অভিযুক্ত যুৱকজনক যোৱা নিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।
ধৃত যুৱকজনক মাজেৰ চৰ অঞ্চলৰ বেল্লাল হুছেইন বুলি চিনাক্ত কৰা হৈছে। আজি আৰক্ষীয়ে বেল্লাল হুছেইনক ধুবুৰী আদালতলৈ প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে মাজেৰচৰ অঞ্চলত স্থাপন কৰা কেইবা কোটি টকীয়া সৌৰ শক্তি প্ৰকল্পৰ অধীনৰ সৌৰ শক্তিৰ বেটাৰী চুৰি কৰি ক’লা বজাৰত বিক্ৰী কৰিছিল মুঠ ১৭ জনকৈ ব্যক্তিয়ে। ইয়াৰ ভিতৰত উক্ত চুৰি কাণ্ডৰ লগত জড়িত থকাৰ সন্দৰ্ভত বেল্লাল হুছেইন নামৰ এজন যুৱকক ধুবুৰী আৰক্ষীয়ে যোৱা নিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
এই চুৰি কাণ্ডৰ লগত জড়িত মূল অভিযুক্ত কোমৰ চান্দ দেৱানীৰ সন্ধানত আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। আনহাতে সৌৰ শক্তি প্ৰকল্পৰ বেটাৰী চুৰিৰ সন্দৰ্ভত ধুবুৰীস্থ অসম শক্তি বিতৰন কোম্পানী লিমিটেড চমুকৈ এপিডিচিএলে ধুবুৰী সদৰ থানাত ২০২৪ বৰ্ষৰ ১১ ডিচেম্বৰত এখন লিখিত এজাহাৰ দাখিল কৰিছিল।
ইয়াৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজেও সৌৰ শক্তি প্ৰকল্পৰ বেটাৰী চুৰিৰ সন্দৰ্ভত ধুবুৰী সদৰ থানাত লিখিত এজাহাৰ দাখিল কৰিছিল। বৰ্তমানে ধুবুৰী আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখি অভিযান তীব্ৰতৰ কৰি তুলিছে ।