জোনাইৰ চিমেন চাপৰিত উচ্ছেদৰ সমৰ্থনত বিশাল সমদল

ৰাজ্যৰ নামনিত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থকাৰ সময়তে সতৰ্ক হৈ পৰিছে ধেমাজি জিলাৰ জোনাই সমষ্টি বিভিন্ন দল সংগঠন।

author-image
Asomiya Pratidin
New Update
bangal

ডিজিটেল সংবাদ, চিলাপথাৰ : ৰাজ্যৰ নামনিত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থকাৰ সময়তে সতৰ্ক হৈ পৰিছে ধেমাজি জিলাৰ জোনাই সমষ্টি বিভিন্ন দল সংগঠন। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা উচ্ছেদ অভিযানক মুকলি সমৰ্থন জনাইছে ধেমাজি জিলাৰ বড়ো জনগোষ্ঠী সংগঠনসমূহে।

Advertisment

ধেমাজি জিলাৰ ৯ খন সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰি থকা মিঞা মুছলমানৰ বিৰুদ্ধে জোনাই সমষ্টিৰ চিমেন চাপৰিত শুকুৰবাৰে এক বিশাল ৰেলী উলিয়ায়। বিজেপিৰ পশ্চিম জোনাই মণ্ডলৰ উদ্যোগত আৰু বিভিন্ন বড়ো কছাৰী জনগোষ্ঠীয় সংগঠনৰ সহযোগত প্ৰখৰ ৰ'দৰ মাজতো ওলাই আহে সহস্ৰাধিক লোক। 

"অবৈধ বেদখলকাৰীৰ হুঁচিয়ায়, বাংলাদেশী গ' বেক, বেদখলকাৰীক উচ্ছেদ কৰক,আমাৰ দাবী মানিবই লাগিব " আদি ধ্বনিৰে মুখৰিত কৰি তোলে হয় আকাশ বতাহ। ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে প্ৰায় চাৰি কিলোমিটাৰ জুৰি সমদলত অংশগ্ৰহণ কৰে জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী, জিলা বিজেপি সভানেত্ৰী ৰূপা কামান, সমাজকৰ্মী শিৱ দলে,উমা দেৱী প্ৰমুখ্যে ভিন্ন দল-জাতীয় সংগঠনৰ ৰাইজ। সমদলত স্বতঃস্ফুতভাৱে সহযোগ কৰিবলৈ ওলাই আহে স্থানীয় ৰাইজ। 

eviction