আমিনগাঁৱত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য.....

ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । সমান্তৰালভাৱে কামৰূপ জিলাৰ আমিনগাঁৱতো জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, আমিনগাঁওঃ ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । সমান্তৰালভাৱে কামৰূপ জিলাৰ আমিনগাঁৱতো জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য ।

STFৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলা অভিযানত জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ ড্ৰাগছ খিনি।

মণিপুৰৰ পৰা নামনি অসমলৈ সৰবৰাহ কৰাৰ সময়তে বুধবাৰে পুৱাৰ ভাগত জব্দ কৰে নিচাজাতীয় দ্ৰব্যখিনি।

গোপন সূত্ৰৰ ভিত্তিত STFবাহিনীয়ে আমিনগাঁৱত গাড়ীসহ জব্দ কৰে ২০ হাজাৰ য়াবা টেবলেট। জব্দকৃত য়াবাটেবলেট খিনিৰ বজাৰ মূল্য প্ৰায় ছয় কোটি টকা ।

আৰক্ষীয়ে অভিযানত নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰী মণিপুৰৰ মুস্তাফা ৰহমানক আটক কৰিবলৈ সক্ষম হৈছে ।

অভিযুক্তজনে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ সঘনাই বাছ সলনি কৰি নিচাজাতীয় সামগ্ৰীখিনি সৰবৰাহৰ চেষ্টা কৰিছিল।

নিচাযুক্ত দ্ৰব্য