/asomiyapratidin/media/media_files/2025/08/05/04-2025-08-05-15-08-01.jpg)
ডিজিটেল সংবাদ, কামপুৰ : মঙলবাৰে বিয়লি কচুৱা থানাৰ অন্তৰ্গত বিৰিঙাআটিত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে কচুৱা থানাৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত চলোৱা এই অভিযানত বিৰিঙাআটিৰ প্ৰভাৱতী বিশ্বাস নামৰ মহিলাগৰাকীৰ ঘৰত লুকুৱাই থোৱা অৱস্থাত ৮০টা কণ্টেনাৰত ৰখা সন্দেহযুক্ত হে’ৰইন জব্দ কৰিবলৈ সক্ষম হয়।
হে’ৰইনখিনিৰ ওজন ৯.৫৭ গ্ৰাম বুলি সদৰী কৰিছে আৰক্ষীয়ে। আনহাতে মহিলাগৰাকীক আৰক্ষীয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰখা বুলি জনায়। এই সমগ্ৰ ঘটনাক লৈ এতিয়া কচুৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে।