/asomiyapratidin/media/media_files/2025/07/26/untitled-1-copy-2025-07-26-00-05-16.jpg)
ডিজিটেল সংবাদ, শিলচৰ : কাছাৰৰ পয়লাপুৰত বুজণ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰা হৈছে। মণিপুৰ অভিমুখী এখন কন্টেইনাৰ ট্ৰাকত তালাচী চলাই লক্ষীপুৰ আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি।
AS01 RC-0153 নম্বৰৰ কন্টেইনাৰখনৰ পৰা জব্দ কৰা হয় সুৰাৰ কাৰ্টনসমূহ। মিনি নুডলছৰ কাৰ্টুনৰ ভিতৰত লুকুৱাই অনা হৈছিল সুৰাৰ কাৰ্টনসমূহ।
তালাচীৰ সময়ত ১২০ কাৰ্টন কিংফিচাৰ বিয়েৰ , ৩৭০ কাৰ্টন OLD MONK PREMIUM BEER আৰু ৫৩০ কাৰ্টন MINI NOODLES জব্দ কৰা হয়। জব্দ কৰা সামগ্ৰীখিনিৰ মূল্য প্ৰায় ১৫ লাখ টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে।
অবৈধ সুৰা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে বিহাৰৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ধৃত ব্যক্তি দুজন সুবীৰ কুমাৰ আৰু অক্ষয় কুমাৰ ।
দুয়োজনৰ ঘৰ বিহাৰৰ মতিহাৰীত। অৰুণাচলত প্ৰস্তুত কৰা সুৰাখিনি গোপনে মণিপুৰৰলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল।