/asomiyapratidin/media/media_files/2025/04/07/S79w9ouG7W0Qqagl63HK.jpg)
বুজন পৰিমাণৰ বিস্ফোৰক, মাৰণাস্ত্ৰ জব্দ
ডিজিটেল সংবাদ, শিলচৰ: চুবুৰীয়া ৰাজ্য মিজোৰামত বুজন পৰিমাণৰ বিস্ফোৰক সামগ্ৰী আৰু মাৰণাস্ত্ৰ জব্দ কৰা হৈছে। মিজোৰামৰ চাইহা জিলাৰ নিয়টলং এলেকাত অভিযান চলাই অসম ৰাইফলছে ১২২ ডাল ডিটনেটৰ, ৯৪ ডাল জিলেটিন ষ্টিক, ৮ মিটাৰ চেফটি ফিউজ তাঁৰ, এটা বাৰ ব'ৰ ৰাইফল আৰু বুজন পৰিমাণৰ সক্ৰিয় গুলি জব্দ কৰিছে। বিষ্ফোৰক সামগ্ৰী আৰু মাৰণাস্ত্ৰ মজুত ৰখাৰ অভিযোগত এজন লোকক আটক কৰিছে অসম ৰাইফলছে। পৰবৰ্তী সময়ত জব্দ কৰা সামগ্ৰী ,মাৰণাস্ত্ৰ আৰু ধৃত সৰবৰাহকাৰীটোক স্থানীয় আৰক্ষীক গতাই দিয়া হয়।
ইফালে,অসম ৰাইফলছ আৰু মিজো আৰক্ষীয়ে যুটীয়া অভিযান চলাই চাম্পাই জিলাৰ মেলবুক ক্ৰছিং পইন্ট এলেকাৰ পৰা বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে। লগতে হেৰ'ইন সৰবৰাহ কৰা ম্যানমাৰৰ এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে অভিযানকাৰী দলটোৱে। ম্যানমাৰৰ নাগৰিক জনৰ পৰা কেবাটাও হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰা হয়। জব্দ কৰা হেৰ'ইনৰ মুল্য প্ৰায় ১কোটি
৭৭ লাখ টকা বুলি সদৰী কৰিছে অসম ৰাইফলছে। আন এক পৃথক অভিযানত অসম ৰাইফলছ আৰু শুল্ক বিভাগে চাম্পাই জিলাৰ পৰা ১ লাখ ৯২ হাজাৰ টকা মূল্যৰ বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হৈছে।