নগৰবেৰাৰ শতাধিক মহিলাৰ যুৱ -ছাত্ৰ পৰিষদত যোগদান

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদত ১লক্ষ নতুন সদস্য ভৰ্ত্তি অভিযানৰ অংশৰূপে দেওবাৰে জাতীয় মহিলা পৰিষদৰ কামৰূপ গ্ৰাম্য জিলা সমিতিৰ অন্তৰ্গত নগৰবেৰাৰ বিভিন্ন অঞ্চলৰ সৰবৰহী মহিলাসকলে পৰিষদৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে। 

author-image
Asomiya Pratidin
New Update
শতাধিক মহিলাৰ যুৱ -ছাত্ৰ পৰিষদত যোগদান

ডিজিটেল সংবাদ, গুৱাহাটী : ১৯৭৮ চনৰ ১২ মাৰ্চত নবীন চন্দ্ৰ বৰদলৈ হলত জন্মলভা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰাকক্ষণত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদত ১লক্ষ নতুন সদস্য ভৰ্ত্তি অভিযানৰ অংশৰূপে দেওবাৰে জাতীয় মহিলা পৰিষদৰ কামৰূপ গ্ৰাম্য জিলা সমিতিৰ অন্তৰ্গত নগৰবেৰাৰ বিভিন্ন অঞ্চলৰ সৰবৰহী মহিলাসকলে পৰিষদৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে। 

Advertisment

নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অদিতি কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয় যোগদান সভা। সভাত উপস্থিত থাকে জাতীয় মহিলা পৰিষদৰ ৰাজ্যিক সভানেত্ৰী বিনীতা কুমাৰ, কামৰূপ গ্ৰাম্য জিলা সমিতিৰ সম্পাদিকা দিপালী কলিতা আৰু যুটীয়া সম্পাদিকা দীপাঞ্জলি ৰাভা।

লগতে পৰিষদৰ কামৰূপ গ্ৰাম্য জিলা সমিতিৰ উপ সভাপতি হেমন্ত ঠাকুৰীয়া আৰু যুটীয়া সম্পাদক দিলীপ চৌধুৰী উপস্থিত থাকে। সভাৰ অন্তত জাতীয় মহিলা পৰিষদৰ নগৰবেৰা আঞ্চলিক সমিতিৰ সভানেত্ৰী হিচাপে গীতাঞ্জলি দেৱী আৰু সাধাৰণ সম্পাদিকা হিচাপে দীপামণি দাসক নিৰ্বাচিত কৰা হয়।

ajycp