ধেমাজি কাছাৰী ময়দানত বিশাল গণ সমাবেশ

জনজাতিকৰণ আৰু স্বায়ত্বশাসনৰ দাবীত শনিবাৰে ধেমাজি কাছাৰী ময়দানত সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ আহবানত সংগঠনটোৰ চাৰিটা  ভাতৃ- ভগ্নীৰ সংগঠনৰ সহযোগত ১০ সহস্ৰাধিক চুতীয়া ৰাইজে বিশাল গণ সমাবেশ আৰু ধেমাজি নগৰত প্ৰতিবাদী সমদল অনুষ্ঠিত কৰে

author-image
Asomiya Pratidin
New Update
111

ডিজিটেল সংবাদ, ধেমাজি : জনজাতিকৰণ আৰু স্বায়ত্বশাসনৰ দাবীত শনিবাৰে ধেমাজি কাছাৰী ময়দানত সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ আহবানত সংগঠনটোৰ চাৰিটা  ভাতৃ- ভগ্নীৰ সংগঠনৰ সহযোগত ১০ সহস্ৰাধিক চুতীয়া ৰাইজে বিশাল গণ সমাবেশ আৰু ধেমাজি নগৰত প্ৰতিবাদী সমদল অনুষ্ঠিত কৰে ৷ কাৰ্য্যসূচীৰ আৰম্ভণিতে সদৌ চুতীয়া জাতি সন্মিলন,অসমৰ কাৰ্য্যকৰী সভাপতি ড° সৰ্বেশ্বৰ চুতীয়াই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা পিছতেই অনুষ্ঠানৰ আদৰণি ভাষণ দিয়ে সদৌ চুতীয়া জাতি সন্মিলন,অসমৰ উপদেষ্টা ড° বুদ্ধিন্দ্ৰ বৰুৱাই ৷

চুতীয়াসকলক শীঘ্ৰেই জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত অনুষ্ঠিত হোৱা বিশাল গণ সমাবেশত উপস্থিত থাকি
উদাত্ত কণ্ঠে বক্তব্য ৰাখে সদৌ চুতীয়া জাতি যুৱ সন্মিলন, অসমৰ সভাপতি কৌস্তুভ কিশোৰ চুতীয়াই ৷ বক্তব্যত সভাপতিগৰাকীয়ে কয় যে অসমত বসবাস কৰা এই চুতীয়া জনগোষ্ঠীসকলে যুগ যুগ ধৰি প্ৰতাৰিত আৰু প্ৰবঞ্চিত হৈ আহিছে ৷

WhatsApp Image 2025-11-01 at 8.12.04 PM

২০১৪ চনত যেতিয়া নৰেন্দ্ৰ মোডীয়ে অসমলৈ আহিছিল, তেতিয়া মোডীয়ে কৈছিল যদি বিজেপিয়ে শাসনলৈ আহিলে চুতীয়াকে ধৰি ছয় জনগোষ্ঠীক ১০০ দিনৰ ভিতৰত জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান কৰিব বুলি কথা দিছিল ৷ আজি ১১ বছৰ পাৰ হৈ গ'ল ৷ লোহিতৰ বুকুয়েদি পানী বৈ গ'ল কিন্ত এতিয়াও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিয়া প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতিয়ে হৈ ৰ'ল বুলি ক্ষোভ প্ৰকাশ কৰে ৷

বক্তব্যত তেওঁ অসমৰ ১৬ টা বিধানসভা সমষ্টিতে চুতীয়া জনগোষ্ঠীৰ ৰাইজে নিৰ্বাচনত নিৰ্ণায়কৰ ভুমিকা পালন কৰে ৷ বিজেপি চৰকাৰে যদি ২০২৬ চনৰ আগত চুতীয়াকে ধৰি ছয় গোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা নিদিয়ে তেন্তে ২০২৬ৰ বিধানসভা নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি সংগঠনটোৰ সভাপতিগৰাকীয়ে সকিয়াই দিয়ে ৷

WhatsApp Image 2025-11-01 at 8.12.02 PM

সমাবেশত সদৌ চুতীয়া জাতি সন্মিলন,অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক নৃপেন শইকীয়া , কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ নৃপেন খনিকৰ , কাৰ্য্যকৰী সভাপতি গোবিন চুতীয়া , কেন্দ্ৰীয় কাৰ্য্যনিবাক গিৰীন চুতীয়া, সদৌ চুতীয়া জাতি সন্মিলন ধেমাজি জিলা সমিতিৰ সভাপতি ৰিজু বৰুৱা , সম্পাদক নৃপেন চুতীয়া , সদৌ চুতীয়া জাতি মহিলা সন্মিলন, ধেমাজি জিলা সমিতিৰ সভানেত্ৰী যজ্ঞেশ্বৰী চুতীয়া , সম্পাদিকা হেমলতা চুতীয়া , সদৌ চুতীয়া জাতি সন্মিলন ধেমাজি জিলা সমিতিৰ সভাপতি ত্ৰিদিপ দাস , সম্পাদক হীৰেন চুতীয়া , সদৌ চুতীয়া জাতি ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি মিন্টু চুতীয়া, সম্পাদক পংকজ চুতীয়া, সদৌ চুতীয়া জাতি যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি পিংকু চুতীয়া আৰু সম্পাদক সঞ্জীৱ চুতীয়াই অংশগ্ৰহণ কৰে ৷

বিশাল সমাবেশৰ পিছতেই প্ৰতিবাদকাৰীসকলে হাতে- হাতে বেনাৰ পোষ্টাৰ , প্লে'কাৰ্ড লৈ কেন্দ্ৰীয় চৰকাৰ হাই হাই , আমাৰ লগত ৰাজনীতি নকৰিব ,চুতীয়া জাতিৰ ন্যায্য দাবী জনজাতি অন্তভুৰ্ক্তি শীঘ্ৰেই কৰক , ন' এচ টি ন' ভোট , জয় আই সাধনী ,ন' এচ টি ন' ৰেষ্ট , আই সাধনী জাতি জননী ওলাইছে হাজাৰ নাৰী বাহিনী , মৰিলে মৰি যাম জনজাতি হৈয়ে যাম ইত্যাদি শ্লো'গানেৰে উত্তাল কৰি ধেমাজি কাছাৰী ময়দানৰ পৰা তিনি আলি হৈ  পুনৰ চাৰি আলিলৈকে নগৰখনত প্ৰতিবাদী সমদল
কৰে ৷

শেষতে সদৌ চুতীয়া জাতি সন্মিলন ,অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিবুল হাজৰিকা , সাধাৰণ সম্পাদক দেৱজ্যোতি শইকীয়া আৰু প্ৰশাসনিক সাধাৰণ সম্পাদক নৃপেন শইকীয়াই স্বাক্ষৰিত ১০ টা সম্বলিত এখনি স্মাৰকপত্ৰ 
জিলা আয়ক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷ 

ধেমাজি