চাৰিদুৱাৰত সংঘটিত  ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে পৰীক্ষাৰ্থীৰ

ইফালে আহত দুয়োজন ছাত্ৰক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্ত্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ আনজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰি চাৰিদুৱাৰ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...

ডিজিটেল সংবাদ,জামুগুৰিহাট : চাৰিদুৱাৰৰ অসম- অৰুণাচল সীমান্তৱৰ্তী শালবাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় মেট্ৰিক পৰীক্ষা দি ঘৰলৈ উভতি যোৱা এজন ছাত্ৰ।

Advertisment

আনহাতে গুৰুতৰভাৱে আহত হয় আন দুজন ছাত্ৰ ৷ চাৰিদুৱাৰৰ চেঙেলিমাৰী পৰীক্ষা কেন্দ্ৰৰপৰা পৰীক্ষা দি ছাত্ৰকেইজন ভালুকপুঙৰ নিজৰ ঘৰলৈ   AS-12-AF- 4023 নম্বৰৰ বাইকেৰে গৈ থকা অৱস্থাত অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায় ৷ যাৰ ফলত থিতাতে নিহত হয় তেনজিং গয়াৰী নামৰ ছাত্ৰজন।

লগতে ৰিন্দা বসুমতাৰী আৰু ৰিংছা নাৰ্জাৰী নামৰ ছাত্ৰ দুগৰাকী গুৰুতৰভাৱে আহত হয় । আটাইকেইগৰাকী ছাত্ৰ ভালুকপুংৰ লালবাহাদুৰ শাস্ত্ৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ৷ 

ইফালে আহত দুয়োজন ছাত্ৰক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্ত্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ আনজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰি চাৰিদুৱাৰ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷ মেধাবী ছাত্ৰজনৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷

jamugurihat