Advertisment

মাজবাটত হাইস্কুলৰ কেৰাণীৰ বিৰুদ্ধে ছাত্ৰীক যৌন আতিশায্য চলোৱাৰ অভিযোগ

ঘটনাৰ পাছতেই একাংশ ৰাইজ উপস্থিত হয় মাজবাট আৰক্ষী থানাত | অভিযুক্ত কেৰাণী সমীন্দ্র পাঠকৰ বিৰুদ্ধে ভুক্তভোগীৰ পৰিয়ালে মাজবাট আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ |

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,মাজবাটঃ ৰাজ্যৰ প্রথম পর্যায়ৰ গুণোৎসৱৰ মাজতেই ওদালগুৰিৰ মাজবাটত ভয়ংকৰ ঘটনা |  মাজবাট বিদ্যাপীঠ হাইস্কুলৰ কেৰাণীৰ বিৰুদ্ধে উঠিছে ছাত্ৰীক যৌন আতিশায্য চলোৱাৰ অভিযোগ | বিদ্যালয়খনৰ এগৰাকী বিশেষ ভাৱে সক্ষম ছাত্রীক যৌন নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয়ৰ  কেৰাণী সমীন্দ্র পাঠকৰ বিৰুদ্ধে | 

Advertisment

ঘটনাৰ পাছতেই একাংশ ৰাইজ উপস্থিত হয় মাজবাট আৰক্ষী থানাত | অভিযুক্ত কেৰাণী সমীন্দ্র পাঠকৰ বিৰুদ্ধে ভুক্তভোগীৰ পৰিয়ালে মাজবাট আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ | শাৰীৰিক নির্যাতনকাৰী কেৰাণী সমীন্দ্র পাঠকক অতিশীঘ্রে চাকৰিৰ পৰা বৰ্খাস্ত কৰি জে’ল-হাজোতলৈ প্ৰেৰণ কৰাৰ দাবী পৰিয়াল তথা স্থানীয় ৰাইজৰ |

 

মাজবাট