/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/55445377-75e5-4786-8b16-6c26831bf268/7ad74b25_4ee3_4fd3_b8b8_81e6ffbce3f1.jpg)
ডিজিটেল ডেস্কঃ কৃষি উৎপাদন আয়ুক্তৰ দ্বাৰা গঠিত অসম কৃষি সঞ্চালকালয়ৰ এক উচ্চস্তৰীয় প্ৰতিনিধিৰ দলে বৃহস্পতিবাৰে কামৰূপ জিলা পৰিদৰ্শন কৰি জিলা কৃষি বিভাগৰ দ্বাৰা ৰূপায়ন কৰা বিভিন্ন আঁচনি সন্দৰ্ভত পৰ্যালোচনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/ad1f170e-3ffb-4932-8386-268c465e3007/5a44e490-30c8-4c34-a674-de72a68cea20.jpg)
অসম চৰকাৰৰ যুটীয়া সচিব প্ৰণতি মজুমদাৰৰ নেতৃত্বত অহা প্ৰতিনিধিৰ দলটোৱে প্ৰথমে ৰঙিয়া মহকুমাৰ নকুল কৃষি চক্ৰৰ অন্তৰ্গত সেউজ নাৰ্চাৰী পৰিদৰ্শন কৰে। নাৰ্চাৰী পৰিদৰ্শন কৰাৰ লগতে স্বত্বাধিকাৰীগৰাকীয়ে মুখামুখি হোৱা সমস্যাসমূহৰো বুজ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6c06ae94-3d22-449d-872d-896b2c913f21/3b8b4d33-9c5d-41f9-90d3-d21c35b45884.jpg)
ইয়াৰ পিছতে দলটোৱে নকুল কৃষি চক্ৰৰে অন্তৰ্গত দুটাকৈ কৃষক উৎপাদক কোম্পানী ক্ৰমে সোণালী আৰু উত্তৰণ কৃষক উৎপাদক কোম্পানী পৰিদৰ্শনৰ লগতে কোম্পানীৰ সুবিধা অসুবিধাসমূহ সম্পৰ্কীয় আলোচনাত মিলিত হয়।
আলোচনাৰ অন্তত প্ৰতিনিধিৰ দলটোৱে কোম্পানীয়ে চৰকাৰৰ তৰফৰৰ পৰা লাভ কৰা বিভিন্ন যন্ত্ৰ পাতি নিৰীক্ষণ কৰে। ইয়ৰোপৰি ৰঙিয়াৰে দুখনকৈ সাৰ আৰু কৃষি সমগ্ৰীৰ বিপণীও পৰিদৰ্শন কৰে দলটোৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/b85dfa46-1397-4f46-b8cc-8c9ef9e63af8/486a06ed-a87b-4726-9a65-75f55c5969ac.jpg)
বিয়লি বেলালৈ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পাকৰকণাৰ ইন্দ্ৰমালতী কৃষক উৎপাদক কোম্পানীৰ মৌ আৰু ফুলৰ খেতি তথা চকাণতলি গাঁৱৰ প্ৰগতিশীল কৃষক কণক মেধিয়ে অসম মিলেট মিছনৰ অধীনত কৰা মিলেটৰ খেতি পৰিদৰ্শন কৰি আকৃষ্ট হয় কৃষি বিভাগৰ এই দলটো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6da8ad06-4313-4ba2-b9ba-15ad40b0ee3b/e2f5e305-5fe5-44c7-a578-7e65a17fa35e.jpg)
এই প্ৰতিনিধিৰ দলটোক সংগ দিয়ে কামৰূপ জিলা কৃষি বিষয়া ধীৰেন্দ্ৰনাথ কাৰ্জী, তিনি মহকুমা কৃষি উন্নয়ন বিষয়া ক্ৰমে জ্যোতিপ্ৰসাদ দাস, গিৰীণ শৰ্মা আৰু দুৰ্লভ দাস, কৃষি উন্নয়ন বিষয়াসকল ক্ৰমে ড° নিলাক্ষী কাকতি, স্মৃতা শৰ্মা, প্ৰিয়ংকা শইকীয়া, প্ৰিয়ম্বী শইকীয়া, পৰাগ কাশ্যপ বেজবৰুৱা, ভাস্বতী শৰ্মা, কংকনা নাথে। এই দলটোত জিলা মিডিয়া বিশেষজ্ঞ অক্ষমালা মহন্তৰ লগতে অন্যান্য বিভাগীয় বিষয়ববীয়াসকলেও অংশ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/1ca52b62-aee6-4360-9546-eda04e6ce334/057433ff-b213-4b84-8ca5-98ac46045c1f.jpg)