/asomiyapratidin/media/media_files/2025/07/17/420-2025-07-17-15-53-31.jpg)
ডিজিটেল সংবাদ, বিহালী : বিহালীৰ মোনাবাৰী চাহ বাগিচাত সংঘটিত হৈছে এক জঘণ্য ধৰ্ষণ কাণ্ড। জানিব পৰা মতে-বুধবাৰে নিশা প্ৰায় ২-০০ বজাত বাগিচাখনৰ চিকিৎসালয়ত কৰ্মৰত এগৰাকী নাৰ্চক কাষৰে এটা আৱাসী গুণকান্ত মহন্ত নামৰ পঞ্চাছ উৰ্ধৰ এগৰাকী ব্যক্তিয়ে নাৰ্চগৰাকী নিজৰ আৱাসত শুই থকা অৱস্থাত মুখত কলা কাপোৰ বান্ধি হাতত এখন ছুৰি কটাৰীলৈ ধৰ্ষণৰ অপচেষ্টা চলায়। লগতে হত্যাকাণ্ড সংঘটিত কৰাৰ চেষ্টা চলোৱা বুলিও অভিযোগ উঠিছে।
ধৰ্ষণৰ চেষ্টা চলোৱাৰ সময়তে ভুক্তভোগী যুৱতীগৰাকীয়ে হুলস্থুল কৰাত লগে লগে স্থানীয় লোক আৰু হাস্পতাল কৰ্তৃপক্ষ উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে ৷ আনহাতে, আজি পুৱাই যুৱতী নাৰ্চগৰাকীয়ে জিনজিয়া আৰক্ষী থানাত গুণকান্ত মহন্তৰ বিৰুদ্ধে এক অভিযোগ দাখিল কৰে।
যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিতে জিনজিয়া আৰক্ষীয়ে অভিযুক্ত গুণকান্ত মহন্তক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।