/asomiyapratidin/media/media_files/2025/05/08/Sy1mFDDKoQDqm8rBrywZ.jpg)
মৰিগাঁৱত পুনৰ সংঘটিত হৈছে জঘন্য ঘটনা
ডিজিটেল সংবাদ, মৰিগাঁও : মৰিগাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা। জিলাখনত পুনৰ ধর্ষণৰ বলি হ’ল এগৰাকী কিশোৰী। জানিব পৰা মতে, জিতু মেধি নামৰ ৪২ বছৰীয়া ব্যক্তিজনে সংঘটিত কৰে এই জঘন্য কাণ্ড ।
উল্লেখযোগ্য যে, কিশোৰীগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পট জিতু মেধিয়ে সংঘটিত কৰে এই অপকৰ্ম। ইতিমধ্যে লম্পট প্ৰকৃতিৰ ব্যক্তিজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।
তাৰোপৰি জিতু মেধিয়ে কিশোৰীগৰাকীৰ লগত সংঘটিত কৰা সমগ্র ঘটনা পিতৃ- মাতৃক অৱগত কৰাৰ পাছত পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে। ধৃত লোকজনক ৰাইজে কৰায়ত্ত কৰি উত্তম-মধ্যম দিয়াৰ পিছত আৰক্ষীক গতাই দিয়ে। পৰৱৰ্তী সময়ত গাঁৱৰ মহিলাসকলে জিতু মেধিক উচিত শাস্তি দিয়াৰ দাবীৰে মৰিগাঁও সদৰ থানাত উপস্থিত হৈ আৰক্ষীক দাবী জনায়।