অসমৰ পৰা পৱিত্ৰ মদিনালৈ ৰাওনা হজযাত্ৰী দল

জাজৰি বৰ মছজিদত সমবেত হৈ সকলোৱে তেখেতসকলক যাত্ৰা সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে হজ যাত্ৰাত গৈ সমগ্ৰ মানৱৰ বাবে দোৱা প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়। হজ কমিটীয়ে ব্যৱস্থা কৰা বিশেষ বিমানৰ জৰিয়তে

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
আজি অসমৰ পৰা পৱিত্ৰ মদিনালৈ ৰাওনা হ’ব হজযাত্ৰী দল

আজি অসমৰ পৰা পৱিত্ৰ মদিনালৈ ৰাওনা হ’ব হজযাত্ৰী দল

ডিজিটেল সংবাদ, বটদ্ৰৱা : ৰাজ্যৰ পৰা আৰম্ভ হ’ল পৱিত্ৰ হজ যাত্ৰা। শনিবাৰৰ পৰা মদিনালৈ উৰা মাৰিছে দুহেজাৰৰো অধিক অসমৰ হজযাত্ৰী। 

ইয়াৰ ৫ গৰাকী পুৰুষ -মহিলা বটদ্ৰৱাৰ জাজৰি অঞ্চলৰ। জাজৰি অঞ্চলৰ পৰা ছফি উল্লাহ খান, পাৰবিনা বেগম, মৰ্জিনা বেগম, নিজাম উদ্দিন আহমেদ, আৰু ৰহিমা বেগম নামৰ পাঁচ গৰাকী ব্যক্তি হজ যাত্ৰালৈ শনিবাৰে পুৱাই ৰাওনা হয়। এই পাঁচ গৰাকী ব্যক্তিৰ হজ যাত্ৰাৰ বিদায় মুহূৰ্তত জাজৰিত হেজাৰ হেজাৰ লোকৰ সমাবেশ ঘটে। 

আজি অসমৰ পৰা পৱিত্ৰ মদিনালৈ ৰাওনা হ’ব হজযাত্ৰী দল
আজি অসমৰ পৰা পৱিত্ৰ মদিনালৈ ৰাওনা হ’ব হজযাত্ৰী দল

জাজৰি বৰ মছজিদত সমবেত হৈ সকলোৱে তেখেতসকলক যাত্ৰা সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে হজ যাত্ৰাত গৈ সমগ্ৰ মানৱৰ বাবে দোৱা প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়। হজ কমিটীয়ে ব্যৱস্থা কৰা বিশেষ বিমানৰ জৰিয়তে হজযাত্ৰীৰ প্ৰথমটো গোটে আজি পুৱা গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। 

এই বিশেষ বিমানখনত একেলগে ৩০০ৰো অধিক যাত্ৰীয়ে যাত্ৰা কৰিছে। উল্লেখ্য যে হাজীসকলক বিদায় সম্ভাষণ আল্লাহু আকবাৰ ধ্বনিৰ মুখৰিত হৈ পৰে জাজৰী অঞ্চল ।

batadraba