মধ্য প্ৰদেশত সত্ৰীয়া সংস্কৃতিৰ সুৱাস বিলালে মাজুলীৰ শিল্পীৰ দলে...

author-image
Asomiya Pratidin
New Update
মধ্য প্ৰদেশত সত্ৰীয়া সংস্কৃতিৰ সুৱাস বিলালে মাজুলীৰ শিল্পীৰ দলে...

majuli

ডিজিটেল সংবাদ মাজুলীঃ উত্তৰ কমলাবাৰী সত্ৰখনে সীমাৰ পৰিধি ভাঙি সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ ধাৰা অব্যাহত ৰাখিছে। মধ্য প্ৰদেশৰ ,ভূপালত মধ্যপ্ৰদেশ চৰকাৰ সাংস্কৃতিক বিভাগৰ সহযোগত জনজাতীয় লোক কলা বিকাশ একাডেমী সাংস্কৃতিক পৰিষদৰ উদ্যোগত ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ ৭ দিনীয়াকৈ অনুষ্ঠিত হৈছে 'আন্তঃৰাষ্ট্ৰীয় শ্ৰীৰামলীলা উৎসৱ'।

Advertisment

উক্ত মহোৎসৱত সূদুৰ থাইলেণ্ড, ইণ্ডোনেছিয়া, ইউ. এ.ই., শ্ৰীলংকা, ফিজী, মালয়েছিয়াৰ লগতে ভাৰতৰ কৰ্ণাটক,উৰিষ্যা,অযোধ্যাৰ লগতে অসমক প্ৰতিনিধিত্ব কৰিবলৈ উত্তৰ কমলাবাৰী সত্ৰক আমন্ত্ৰণ জনাইছিল । মধ্যপ্ৰদেশ চৰকাৰ সাংস্কৃতিক বিভাগৰ আমন্ত্ৰণ ক্ৰমে ২২ জনীয়া বৈষ্ণৱ শিল্পীদলে গুৰুজনাৰ অমৰসৃষ্টি গায়ন -বায়ন আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি 'ৰাম বিজয়' নাট ভাগি ১৯ অক্টোবৰ, বৃহস্পতিবাৰে পৰিবেশন কৰে।

ভূপালৰ ৰবীন্দ্ৰ ভৱনত পৰিবেশিত হোৱা সত্ৰীয়া সংস্কৃতি শ শ দৰ্শকে উপভোগ কৰি অভিভূত হৈ পৰে। উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্ঠি সংঘৰ সম্পাদক তথা প্ৰতিদিন টাইমৰ সাংবাদিক তীৰ্থ ভূঞা বৰগায়নৰ নেতৃত্বত যোৱা দলটিত আছে ক্ৰমে পৰিচালক -ভৱেন বৰবায়ন,সহ-পৰিচালক উপেন বৰগায়ন, জগন্নাথ বৰবায়ন,কৃষ্ণ কুমাৰ বৰবায়ন, কৃষ্ণ ৰাম হাজৰিকা বৰবায়ন,কৃষ্ণ শইকীয়া,ৰঞ্জন হাজৰিকা, শ্যাম বৰুৱা,ভাস্কৰ বায়ন,পৰমানন্দ গায়ন,অজিত বৰুৱা,গোপাল গায়ন,পদ্ম কলিতা বায়ন,দেবানন্দ গায়ন,অচ্যুত কাকতি,তপন কলিতা,সৰ্বানন্দ দুৱৰীয়া,মুকুন্দ বৰবায়ন,নন্দেশ্বৰ বৰবায়ন,দীননাথ বৰুৱা,পবিত্ৰ গায়ন।

১৬৭৩ চনতে প্ৰতিষ্ঠিত সত্ৰখনে সত্ৰীয়া সংস্কৃতিৰ বৰ্ণিল বিশাল শোভাযাত্ৰাৰ জৰিয়তে সত্ৰীয়া সংস্কৃতিৰ বিশ্বমুখী যাত্ৰা বিৰামহীনভাৱে অব্যাহত ৰাখিবলৈ কৰা এয়া আমাৰ ক্ষুদ্ৰ প্ৰয়াস । মধ্য প্ৰদেশৰ সত্ৰীয়া সংস্কৃতিৰ সুৱাস বিলালে মাজুলীৰ শিল্পী দলে।

majuli