আজাদ ফাউণ্ডেশ্যনৰ উদ্যোগত মৈৰাবাৰীত বিনামূলীয়া স্বাস্থ্য শিবিৰ

সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ সু-স্বাস্থ্য আৰু কল্যাণৰ বাবে বদ্ধপৰিকৰ আজাদ ফাউণ্ডেশ্যনে দেওবাৰে মৈৰাবাৰীত এখনি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে।

author-image
Asomiya Pratidin
New Update
328

ডিজিটেল সংবাদ, মৈৰাবাৰী : সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ সু-স্বাস্থ্য আৰু কল্যাণৰ বাবে বদ্ধপৰিকৰ আজাদ ফাউণ্ডেশ্যনে দেওবাৰে মৈৰাবাৰীত এখনি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে। স্থানীয় ৰাইজৰ স্বাস্থ্য সুৰক্ষাৰ কথা চিন্তা কৰি গ্ৰহণ কৰা এই পদক্ষেপে বহু ৰোগীক উপকৃত কৰে বুলি জনাই উদ্যোক্তাই। 

Advertisment

ডিউ কেয়াৰ হাস্পতাল এণ্ড ৰিচাৰ্ছ চেণ্টাৰ আৰু মৈৰাবাৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত স্বাস্থ্য শিবিৰত উপস্থিত সকলক  বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়। শিবিৰত অঞ্চলটোৰ তিনিশতাধিক ৰোগীক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় ঔষধ বিতৰণ কৰা হয়।

ৰোগীৰ সুবিধাৰ বাবে বিভিন্ন চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ অভিজ্ঞ চিকিৎসকসকলে উপস্থিত থাকি চিকিৎসা সেৱা আগবঢ়ায়। উক্ত শিবিৰত মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসে বিশেষ অতিথি হিচাপে উপস্থিত থাকি আয়োজকৰ মনোবল বৃদ্ধি কৰে।

মৈৰাবাৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক ড° সঞ্জয় কুমাৰ পাটৰ, ড° আশ্ৰাফুল ইছলাম, ড° আছাদুল ইছলাম, নাক-কাণ-ডিঙি ৰোগ বিশেষজ্ঞ ড° ইনজামামুল হক ওৰফে ৰাণা আৰু নগাঁও অঞ্চলৰ বহুকেইজন চিকিৎসকে ৰোগীক পৰীক্ষা আৰু পৰামৰ্শ প্ৰদান কৰে। আজাদ ফাউণ্ডেশ্যনে আগলৈও এনে জনকল্যাণমূলক কাৰ্যসূচী অব্যাহত ৰাখিবলৈ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।

স্বাস্থ্য