/asomiyapratidin/media/media_files/2025/02/22/RUnWR4ISWvDazwcM3SG3.jpg)
মায়ঙৰ ইটাভাটাত দুই পক্ষৰ মাজত কাজিয়া
ডিজিটেল সংবাদ, মায়ং : মৰিগাঁও জিলাৰ মায়ঙৰ পাভকাতিৰ এটা ইটাভাটাত মহৰি আৰু শ্ৰমিকৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়। ফলত দুজন শ্ৰমিক গুৰুতৰভাৱে জখম হয়। আহত শ্ৰমিক দুজনৰ নাম আকাব্বৰ আলী আৰু নচৰ আলী।
উল্লেখযোগ্য যে, সম্পৰ্কত দুয়ো পিতা আৰু পুত্ৰ। তেওঁলোক দুয়োকে এজন মহৰী আৰু অন্যান্য শ্ৰমিকে মাৰপিট কৰি মূৰত আঘাত কৰে।
জানিব পৰা মতে এছ বি আই নামৰ ইটাভাটাটোত সংঘটিত হৈছে এই ঘটনা। গুৱাহাটীৰ পৰা আহি ইটাভাটাৰ মালিকে দুয়ো পক্ষৰ মাজত আপোচ মিমাংসাৰ কৰি আহত লোক দুজনৰ চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে যদিও বৰ্তমান নিৰাপত্তাহীনতাত ভুগি আছে নচৰ আলীৰ পৰিয়ালটো। ঘটনা সন্দৰ্ভত মায়ং থানাত এজাহাৰ দাখিল কৰা হৈছে যদিও তদন্ত এতিয়াও আৰম্ভ হোৱা নাই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us