/asomiyapratidin/media/media_files/2025/05/11/XOKyI7DddnE0XJJ9rkY8.jpg)
মাৰত্মক নিচাযুক্ত দ্ৰব্য ক্ৰয় কৰি হাতে-লোটে ধৰা পৰিল মহিলা চিকিৎসক
ডিজিটেল ডেস্ক : এইবাৰ চিকিৎসকৰ বিৰুদ্ধে উঠিছে ড্ৰাগছ ক্ৰয়ৰ অভিযোগ। মাৰাত্মক কোকেইন ক্ৰয় কৰি থকাৰ সময়তে আৰক্ষীৰ জালত পৰিল এগৰাকী বিশেষজ্ঞ চিকিৎসক। ৫লাখ টকাৰ বিনিময়ত ক্ৰয় কৰিছিল কোকেইনখিনি।
পোহৰলৈ অহা তথ্য অনুসৰি, হায়দৰাবাদৰ এখন আগশাৰীৰ হাস্পতালৰ চি ই অ’ তথা বিশেষজ্ঞ মহিলা চিকিৎসকে মুম্বাইৰ এজন ড্ৰাগছ যোগানকাৰীৰ পৰা কোকেইন ক্ৰয় কৰি থকাৰ সময়তে তহলদাৰী আৰক্ষীৰ জালত পৰে। আৰক্ষীৰ ভাষ্য অনুসৰি, ড্ৰাগছৰ ক্ৰয়ৰ বাবে নম্ৰতা চিগুৰুপতী নামৰ চিকিৎসকগৰাকীয়ে অনলাইযোগে ৫লাখ টকা সৰবৰাহকাৰীজনক আদায় দিয়ে। বিনিয়মত বালকৃষ্ণ নামৰ সৰবৰাহকাৰীজনে চিকিসকগৰাকীক নিৰ্দিষ্ট স্থানত কোকেইনখিনি দিবলৈ আহে।
লগতে চিকিৎসকগৰাকীয়ে উক্ত স্থানত উপস্থিত হৈ সৰবৰাহকাৰীজনৰ হাতৰ পৰা কোকেইন লৈ থকাৰ অৱস্থাতে আৰক্ষীয়ে আটক কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে কয় যে, চিকিৎসকগৰাকীয়ে হোৱাটছএপযোগে সৰবৰাহকাৰীজনৰ সৈতে বাৰ্তালাপ কৰি এই নিচাযুক্ত দ্ৰব্য ক্ৰয় কৰিছিল।
ইতিমধ্যে চিকিৎসকগৰাকীৰ আৰু সৰবৰাহকাৰীজনক আৰক্ষীয়ে আটক কৰিছে। তাৰোপৰি সৰবৰাহকাৰী বালকৃষ্ণৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ধনৰ লগতে দুটা মোবাইল ফোন আৰু ২৩ গ্ৰাম কোকেইন জব্দ কৰিছে।