মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান এজন দুৰ্ভগীয়া পিতৃৰ...

"যদি চৰকাৰে আমাৰ সন্তানক বচোৱাত সহায় কৰিব নোৱাৰে তেন্তে অন্ততঃ ইউথেনাচিয়াৰ জৰিয়তে আমাৰ যন্ত্ৰণা শেষ কৰাৰ অধিকাৰ দিয়ক।" মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছক উদ্দেশ্যি এগৰাকী ভুক্তভোগী পিতৃৰ এইয়া কাতৰ আহ্বান

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-06-26 at 9.55.10 PM

ডিজিটেল ডেস্কঃ "যদি চৰকাৰে আমাৰ সন্তানক বচোৱাত সহায় কৰিব নোৱাৰে তেন্তে অন্ততঃ ইউথেনাচিয়াৰ জৰিয়তে আমাৰ যন্ত্ৰণা শেষ কৰাৰ অধিকাৰ দিয়ক।" মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছক উদ্দেশ্যি এগৰাকী ভুক্তভোগী পিতৃৰ এইয়া কাতৰ আহ্বান। মহাদু বেলকাৰ নামৰ এগৰাকী ব্যক্তিয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ লিখা এক পত্ৰই এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে।

Advertisment

উল্লেখযোগ্য যে, মহাদু বেলকাৰৰ পুত্ৰ ১৫ বছৰীয়া তনেশ বেলকাৰ এক জটিল ৰোগত আক্ৰান্ত। এছ এছ পি নামৰ ৰোগ বিধৰ বাবে অসহ্যকৰ যন্ত্ৰণাৰ ভুগিব লগা হৈছে কণমানি তনেশে। সেয়ে পিতৃয়ে মুখ্যমন্ত্ৰী লৈ লিখা পত্ৰখনত লিখিছে- "আমি দিনটোৰ প্ৰতিটো মিনিটতে আমাৰ সন্তানক কষ্ট পোৱাটো নিবিচাৰো। তেওঁলোকে বিষত ভুগিছে, লৰচৰ কৰিব নোৱাৰে, কথা ক'বও নোৱাৰে। আনহাতে আমি অভিভাৱক হিচাপে লাহে লাহে মৃত্যু হোৱাটো চাবলৈ বাধ্য হৈছো। যদি চৰকাৰে তেওঁলোকক বচোৱাত সহায় কৰিব নোৱাৰে, তেন্তে অন্ততঃ ইউথেনাচিয়াৰ জৰিয়তে আমাৰ যন্ত্ৰণা শেষ কৰাৰ অধিকাৰ দিয়ক।"

ইফালে, ৰাজ্যখনৰ ৬৭ জন লোক এই জটিল ৰোগত আক্ৰান্ত। এছ এছ পি ৰোগৰ চিকিৎসাও অতি ব্যয় বহুল। যাৰবাবে এতিয়া বহু পৰিয়াল আৰ্থিক সংকটত পৰিছে। কিন্তু চৰকাৰে এই ৰোগৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ অভিযোগ দুৰ্ভগীয়া পিতৃৰ। ইতিমধ্যে এই ৰোগৰ বাবে বহু লোকে মৃত্যুবৰণ কৰাৰ তথ্যও দাঙি ধৰে মহাদু বেলকাৰে । 

আনহাতে, ৰাজ্যখনে ৰোগী আৰু তেওঁলোকৰ পিতৃ-মাতৃক সহায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আছে বুলি উল্লেখ কৰিছে জনস্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী প্ৰকাশ অবিতকাৰে। তেওঁ সদৰি কৰে যে, "ঔষধ খালেই শিশুৰ চিকিৎসা কৰিব পৰা যাব। কিন্তু দুৰ্ভাগ্যজনকভাৱে যিহেতু এতিয়ালৈকে কোনো দেশেই সেইয়া লাভ কৰিব পৰা নাই, গতিকে এই ৰোগীসকলৰ চিকিৎসা কৰাটো কঠিন হৈ পৰিছে। অৱশ্যে স্বাস্থ্য বিভাগৰ সকলো গৱেষকে ঔষধ বিকশিত কৰাৰ দিশত কাম কৰি আছে। আমি বুজি পাইছো আৰু সেয়েহে, মুখ্যমন্ত্ৰীয়ে আমাক এছ এছ পি ই ৰোগীৰ অভিভাৱকসকলক সহায় কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে।"

দেৱেন্দ্ৰ ফাডনাভিছ